যোৰহাটৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি ১৯ গৰাকী লোক ক’ভিড প’জিটিভ

0
144
ভাৰতত পুনৰ ভয়াবহ হাৰত বৃদ্ধি ক’ভিড সংক্ৰমণ, দৈনিক আক্ৰান্তৰ সংখ্যা ৯০ শতাংশলৈ বৃদ্ধি
ক'ভিড প'জিটিভ

যোৰহাটৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি ১৯ গৰাকী লোক ক’ভিড প’জিটিভ

সমগ্ৰ দেশত অমিক্ৰণৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে অসমৰ যোৰহাট জিলাৰ তিতাবৰত থকা জৱাহৰ নৱোদয় বিদ্যালয়ৰ মুঠ ১৯ গৰাকী লোক ক’ভিড প’জিটিভ হৈছে।

ক’ভিড প’জিটিভ হোৱা লোকসকলৰ ভিতৰত ১২ গৰাকী ছাত্ৰ আৰু ৭ গৰাকী শিক্ষক আৰু অন্যান্য কৰ্মচাৰী।

বুধবাৰে ক’ভিড পৰীক্ষাত বিদ্যালয়খনৰ এইসকল লোকৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে।

জানিব পৰা মতে, বুধবাৰে অসম স্বাস্থ্য বিভাগৰ এটা দলে শিক্ষানুষ্ঠানখনত ক’ভিড পৰীক্ষাৰ এটা শিবিৰ অনুষ্ঠিত কৰে আৰু উক্ত ক’ভিড পৰীক্ষাৰ সময়তে বিদ্যালয়খনৰ ছাত্ৰ ১২ গৰাকী আৰু ৭ গৰাকী শিক্ষক-কৰ্মচাৰী ক’ভিড প’জিটিভ হয়।

ক’ভিড প’জিটিভ হোৱা আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-কৰ্মচাৰী বৰ্তমান সম্পুৰ্ণ সুস্থ অৱস্থাত আছে আৰু তেওঁলোকক ছেল্ফ আইছোলেশ্যনত ৰখা হৈছে।

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পাছতে বিদ্যালয়খন চেনিটাইজ কৰাৰ হৈছে।

উল্লেখযোগ্য যে, বুধবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰো ৩ গৰাকী আফ্ৰিকান ছাত্ৰৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰিছিল।

ক’ভিড প’জিটিভ হোৱা ছাত্ৰ তিনিজনৰ নমুনা অমিক্ৰণৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল।

আৰু পঢ়ক : দৈনিক ৰাশিফল : কেনে যাব আপোনাৰ আজিৰ দিনটো