কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত প্ৰচণ্ড মাৰ-পিট, কংগ্ৰেছ সভাপতিসহ ১৯ জন আহত

0
198

উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে আজি ত্ৰিপুৰাৰ আগৰতলাত বিজেপি কৰ্মী আৰু কংগ্ৰেছৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে।

আগৰতলাস্থিত কংগ্ৰেছ ভৱনৰ সন্মুখত হোৱা এই সংঘৰ্ষত ত্ৰিপুৰা কংগ্ৰেছৰ মুৰব্বী বিৰজিত সিনহাসহ মুঠ ১৯ গৰাকী লোক আহত হৈছে।

কংগ্ৰেছ-বিজেপিৰ সমৰ্থকসকলক চত্ৰ ভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰে আৰু ইয়াৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

উল্লেখ্য যে চাৰিখন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত তিনিখন আসনত বিদেপি আৰু এখন আসনত কংগ্ৰেছ দল জয়ী হয়। আগৰতলাৰ পৰা জয়ী হয় কংগ্ৰেছ।

ৰাজ্যখনৰ কংগ্ৰেছ নেতা আশীষ কুমাৰে কয়, ‘উপ-নিৰ্বাচনত জয়ী হোৱা আমাৰ প্ৰাৰ্থী সুদীপ ৰয় বৰ্মনক লগত লৈ আমাৰ একাংশ সমৰ্থক কংগ্ৰেছ ভৱনলৈ উভতি আহিছিল, তেতিয়াই বিজেপিৰ একাংশ সমৰ্থকে আমাৰ ওপৰত আক্ৰমণ সংঘটিত কৰে’।

তেওঁ লগতে কয়, ‘আমি দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰি থকাৰ সময়তে বিজেপিৰ এটা বৃহত দলে কংগ্ৰেছ ভৱন আক্ৰমণ কৰে। বিজেপিৰ আক্ৰমণত ৰাজ্যিক কংগ্ৰেছৰ সভাপতিয়ে মূৰত আঘাত পাইছে’।

সাহাই লগতে অভিযোগ কৰে যে বিজেপিৰ যুৱ মৰ্চাৰ সদস্যসকলে শিল-ইটাৰে এই আক্ৰমণ সংঘটিত কৰিছিল আৰু কংগ্ৰেছ ভৱনৰ সন্মুখত ৰখাই থোৱা বাহন সমূহ ক্ষতিগ্ৰস্ত কৰিছিল।