বিগত ১৯ দিনৰ পৰা নিৰুদ্দেশ ছাত্ৰ, হাহাকাৰ পৰিয়ালৰ মাজত

0
743

তামুলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত দহ আঙৰকাটা গাঁৱৰ পৰা এগৰাকী ছাত্ৰ বিগত ১৯ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা শিৱজিৎ ৰাজবংশী নামৰ ছাত্ৰ গৰাকীয়ে পৰীক্ষাৰ ফলাফলৰ কিছুদিন পূৰ্বৰে পৰা সন্ধানহীন হৈ আছিল।

যোৱা ১৮ জুন তাৰিখে নিজ ঘৰৰ পৰাই সন্ধানহীন হোৱা ছাত্ৰ গৰাকীৰ চেন্ডেল আৰু জোতা উদ্ধাৰ হৈছিল ঘৰৰ কাষেৰেই বৈ যোৱা কালানদীৰ পাৰত।

পিন্ধনত গোলাপী বৰণৰ চাৰ্ট আৰু ক’লা বৰণৰ ট্ৰেকশ্বুটসহ সন্ধানহীন ছাত্রগৰাকীক বিচাৰি ইতিমধ্যেই কুমাৰীকাটা আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে তেওঁৰ-পিতৃ মাতৃয়ে।

অৱশ্যে বৰ্তমানো ছাত্ৰ গৰাকীৰ কোনো সন্ধান নোলোৱাত চিন্তাত ভাগি পৰিছে পৰিয়াল তথা আত্মীয় স্বজন।

অতি নম্ৰ আৰু ভদ্ৰ শিৱজিৎ ৰাজবংশীয়ে একাঠু পানী দেখিলেই ভয় কৰে যদিও ভৰা নদীৰ পাৰত তেওঁৰ চেন্ডেল আৰু ছাতি উদ্বাৰ হোৱাৰ পিছত বিভিন্ন প্ৰশ্ন উদয় হৈছে এতিয়া তেওঁৰ পৰিয়ালৰ মাজত।

কোনো সদাশয় লোকে ছাত্ৰ গৰাকীৰ সন্ধান লাভ কৰিলে ওচৰতে থকা আৰক্ষী থানা নতুবা 6362384925 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে পৰিয়ালবৰ্গই।

ইনপুট : অভিজিৎ তালুকদাৰ