কলকাতাৰ ছাত্ৰী নিৱাসত উদ্ধাৰ ১৮ বছৰীয়া ভাৰতীয় যুৱ ফুটবলাৰৰ মৃতদেহ, চাঞ্চল্য

0
160
কলকাতাৰ ছাত্ৰী নিৱাসত উদ্ধাৰ ১৮ বছৰীয়া ভাৰতীয় যুৱ ফুটবলাৰৰ মৃতদেহ, চাঞ্চল্য
ফটো সৌজন্য- ইণ্টাৰনেট

কলকাতাৰ এটা ছাত্ৰী নিৱাসত এগৰাকী ১৮ বছৰীয়া ভাৰতীয় ফুটবলৰাৰৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

৪ এপ্ৰিলতে কলকাতাৰএটা ছাত্ৰী নিৱাসত ১৮ বছৰীয়া ফুটবলাৰ জ্যোতি কুমাৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল।

বিভিন্ন বয়সৰ গ্ৰুপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা ১৮ বছৰীয়া ফুটবলাৰ জ্যোতি কুমাৰীয়ে ৰক্ষণ বিভাগৰ এগৰাকী শক্তিশালী খেলুৱৈ আছিল।

জ্যোতি কুমাৰীৰ ঘৰ উত্তৰ প্ৰদেশৰ বাৰাণসীত যদিও যুৱ প্ৰতিভাৱান খেলুৱৈ গৰাকীয়ে বহু বছৰৰ পৰা ওড়িশাত বাস কৰি আছিল।

জ্যোতি কুমাৰীৰ মৃতদেহ কলকাতাৰ ছাত্ৰী নিৱাসত উদ্ধাৰ হোৱাৰ পাছতে খেলুৱৈ গৰাকীৰ পৰিয়ালৰ লোকে এই ঘটনাৰ চিবিআইৰ তদন্ত দাবী কৰিছে।

জ্যোতি কুমাৰীৰ পৰিয়ালৰ লোকে জ্যোতি কুমাৰীয়ে আত্মহত্যা কৰা নাই তাইক কোনোবাই হত্যা কৰিছে বুলি অভিযোগ কৰি শীঘ্ৰেই ন্যায় বিচাৰৰ বাবে আবেদন জনায়।

আৰু পঢ়ক : আইতাকৰ সৈতে জন্মদিন উদযাপন কৰা ফটো শ্বেয়াৰ বিশ্ব সুন্দৰীৰ, চিনি পাইছে নে