স্মশানলৈ গৈ থাকোতেই ঘটিল ভয়ংকৰ দুৰ্ঘটনা, ১৮ গৰাকীয়ে হেৰুৱালে প্ৰাণ

0
185
স্মশানলৈ গৈ থাকোতেই ঘটিল ভয়ংকৰ দুৰ্ঘটনা, ১৮ গৰাকীয়ে হেৰুৱালে প্ৰাণ
প্ৰতিনিধিত্বমূলক চিত্ৰ

স্মশানলৈ গৈ থাকোতেই ঘটিল ভয়ংকৰ দুৰ্ঘটনা, ১৮ গৰাকীয়ে হেৰুৱালে প্ৰাণ

শনিবাৰে নিশা পশ্চিম বংগৰ নাদিয়া জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১৮ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লয় আৰু আন পাঁচজন গুৰুতৰভাৱে আহত হয়।

উত্তৰ ২৪ পৰগণাৰ বাগদাৰ পৰা ২০ জনতকৈও অধিক লোকে মৃতদেহ লৈ নৱদ্বীপ শ্মশানলৈ গৈ থকাৰ সময়তে ঘটনাটো সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।

স্থানীয় লোকে জনোৱা অনুসৰি, হাঞ্চখালি আৰক্ষী থানা অঞ্চলৰ ফুলবাৰীত মৃতদেহ লৈ যোৱা বাহনখনে পথৰ কাষত ৰখাই থোৱা ট্ৰাকক খুন্দিওৱাৰ ফলতে এই হৃদয় বিদাৰক পথ দুৰ্ঘটনাটো সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা অনুসৰি, ঘন কুঁৱলী আৰু বাহনখনৰ দ্ৰুত গতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত চলি আছে।

আৰু পঢ়ক : ৰাজ্যৰ সকলো অভিলেখ ভংগ কৰি কৰিমগঞ্জ আৰক্ষী-সীমান্ত আৰক্ষীৰ সফলতা, ১০ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ