ব্যৱহাৰিক পৰীক্ষা বুলি কৈ নি ১৭ কিশোৰীক নিচা জাতীয় সামগ্ৰী দি ধৰ্ষণৰ চেষ্টা বিদ্যালয় মেনেজাৰৰ

0
1785
ব্যৱহাৰিক পৰীক্ষা বুলি কৈ নি ১৭ কিশোৰীক নিচা জাতীয় সামগ্ৰী দি ধৰ্ষণৰ চেষ্টা
Representational image.

ব্যৱহাৰিক পৰীক্ষা বুলি কৈ ১৭ গৰাকীকৈ কিশোৰী ছাত্ৰীক অন্য এখন বিদ্যালযলৈ নি নিশা নিচা জাতীয় সামগ্ৰী সেৱন কৰাই ধৰ্ষণৰ অপচেষ্টা বিদ্যালয়ৰ মেনেজাৰৰ। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ ব্যৱহাৰিক পৰীক্ষাৰ বাবে লৈ গৈছিল ১৭ গৰাকীকৈ ছাত্ৰী। নিশা তাতেই থকাৰ ব্যৱস্থা কৰা হৈছিল। পিছে নিশা খাদ্যত কোনো নিচা জাতীয় সামগ্ৰী মিহলাই খুৱাই দি যৌন নিৰ্যাতন চলাই।

এই ঘটনাৰ পিছতে ছাত্ৰী কেইগৰাকীৰ অভিভাৱককে বিদ্যালয়ৰ মেনেজাৰৰ বিৰুদ্ধে পোস্কো ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে ।

সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি জানিবলৈ পাৰে যে, যৌন নিৰ্যাতনকাৰী মেনেজাৰে ছাত্ৰী সকলৰ ওপৰত জোৰ দিয়ে, যাতে কাৰোৰে আগত এই কথা সদৰি নকৰে। অধিক তদন্ত অব্যাহত আছে।

আৰু পঢ়ক : যোৰহাট বৰ্বৰ কাণ্ড! আৰক্ষীৰ জালত আন এক অভিযুক্ত সুশান্ত শৰ্মা