31 C
Guwahati
Tuesday, October 12, 2021
More

    বিৰল ৰোগ! মাত্ৰ ১৬ বছৰ বয়সতে আইতাৰ দৰে হৈ পৰিছে এগৰাকী সুন্দৰী যুৱতী…

     যুৱতী সকলে নিজকে সজাই-পৰাই, ধুনীয়াকৈ ৰাখি ভাল পাই।কিন্তু যৌৱন কালতে এগৰাকী যুৱতী বৃদ্ধা মহিলাৰ দৰে দেখিবলৈ লৈছে যাৰ ফলত যুৱতী গৰাকী লাহে লাহে মানসিকভাৱে ভাগি পৰিছে।

    ১৬ বছৰীয়া যুৱতী গৰাকীয়ে প্ৰায় ২ বছৰ আগতে এক সৌন্দৰ্য্য প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিছিল।কিন্তু এতিয়া তেওঁ দেখিবলৈ এগৰাকী বৃদ্ধা মহিলাৰ দৰে।

    ফিলিপিঞ্চৰ বাসিন্দা ৰায়জেল কালাগে সাধাৰণ যুৱতীৰ দৰে সুন্দৰ আছিল। কিন্তু হঠাত তেওঁৰ জীৱন সলনি হৈ যায়।প্ৰথমে তেওঁৰ মুখ খন কোঁচ খাবলৈ আৰম্ভ কৰিছিল আৰু পিছত সমগ্ৰ শৰীৰতে এই লক্ষণ দেখা দিছিল। লাহে লাহে তেওঁ এগৰাকী বৃদ্ধাৰ শৰীৰলৈ ৰূপান্তৰিত হৈ পৰিছিল।

    যুৱতী গৰাকীৰ শৰীৰত ৰঙা কিছুমান দাগ অহা আৰম্ভ কৰে। প্ৰথমে খুজুৱতি আৰু পিছত বিষ হ’বলৈ আৰম্ভ কৰে। প্ৰথমে শৰীৰৰ কিছু কিছু অংশত হয় আৰু পিছত সমগ্ৰ শৰীৰতে হ’বলৈ আৰম্ভ কৰে।

    যুৱতী গৰাকীয়ে চিকিৎসকৰ পৰামৰ্শ লৈছে যদিও কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। এয়া এক গম্ভীৰ ৰোগৰ প্ৰভাৱ বুলি জানিব পৰা গৈছে কিন্তু কি বেমাৰ সেই বিষয়ে চিকিৎসকে এতিয়াও কোনো তথ্য উলিয়াব পৰা নাই।

    আৰু পঢ়ক : প্ৰতিশোধ, কাশ্মীৰত সেনাৰ এনকাউণ্টাৰত তিনিজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং