এমাহ ধৰি সন্ধানহীন এগৰাকী ১৬ বছৰীয়া কিশোৰী, অপহৰণৰ অভিযোগ পৰিয়ালৰ

0
65
এমাহ ধৰি সন্ধানহীন এগৰাকী ১৬ বছৰীয়া কিশোৰী, অপহৰণৰ অভিযোগ পৰিয়ালৰ
প্ৰতিনিধিত্বমূলক চিত্ৰ

এমাহ ধৰি সন্ধানহীন এগৰাকী ১৬ বছৰীয়া কিশোৰী, অপহৰণৰ অভিযোগ পৰিয়ালৰ : নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুম্ভীৰডুবি গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

বিদ্যালয়লৈ পৰীক্ষা দিবলৈ যোৱা অৱস্থাৰ পৰাই সন্ধানহীন হৈ আছে কিশোৰী গৰাকী।

যোৱা ৬ ফেব্ৰুৱাৰীত কিশোৰী গৰাকীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

কচুৱাৰ চানখলা গাঁৱৰ আজমল হুছেইন নামৰ বিবাহিত যুৱকজনৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ।

ভুক্তভোগী কিশোৰীৰ পৰিয়ালে কামপুৰ থানা আৰু কচুৱা থানাত কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ গোচৰ ৰুজু কৰিছে যদিও বিগত এটা মাহ ধৰি আৰক্ষীয়ে কিশোৰী গৰাকীৰ অনুসন্ধানৰ বাবে কোনো গুৰুত্ব প্ৰদান কৰা নাই।

ইফালে কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে আৰক্ষী প্ৰশাসনক।

আৰু পঢ়ক : ২০ বছৰে কংগ্ৰেছৰ দখলত থকা চেঙা সমষ্টি অগপক এৰি দিব বিজেপিয়ে