কেতিয়াবা দেখিছেনে! নগাঁও জিলাত উদ্ধাৰ ১৬ফুট দৈঘ্যৰ দুষ্প্ৰাপ্য ‘ৰজাফেঁটি’

0
1485
কেতিয়াবা দেখিছেনে! নগাঁও জিলাত উদ্ধাৰ ১৬ফুট দৈঘ্যৰ দুষ্প্ৰাপ্য 'ৰজাফেঁটি'

কেতিয়াবা দেখিছেনে! বিশ্বাস কৰিবলৈ কিছু টান হ’লেও সত্য, নগাঁও জিলাত উদ্ধাৰ ১৬ফুট দৈঘ্যৰ এডাল দুষ্প্ৰাপ্য ‘ৰজাফেঁটি’। জিলা খনক চাপানালাৰ এখন চাহ বাগিছাত উদ্ধাৰ হৈছে সাপডাল।

প্ৰায় ১৬ফুট দৈঘ্যৰ ৰজাফেঁটিডাল প্ৰত্যক্ষ কৰি প্ৰথম অৱস্থাত হৈ চৈ লাগে চাপানালাৰ জীয়াজুৰি চাহ বাগিছাত। বাগিছা খনৰ কৰ্মৰত আতংকগ্ৰস্ত চাহ শ্ৰমিক সকলে খবৰ দিয়ে স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাক।

দুলু বৰা ততাতৈয়াকৈ বাগিছা খনত উপস্থিত হৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুষ্প্ৰাপ্য “কিং কোব্ৰা” ডাল আৰু লগেলগে অন্ত পৰে এই চাঞ্চল্যৰ। অৱশ্যে পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা “কিং কোব্ৰা” ডাল দুলু বৰাই কেইবাজনো স্থানীয় যুৱকৰ সহযোগত নিকটৱৰ্ত্তী চোৰাং সংৰক্ষিত বনাঞ্চলৰ এটি দুৰ্গম অঞ্চলত মুকলি কৰি দিয়ে ।

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি চাপানালাৰ এই গৰাকী যুৱকে বন্যপ্ৰাণী সুৰক্ষা তথা উদ্ধাৰৰ সৈতে জড়িত হৈ অহাৰ উপৰিও শেহতীয়াকৈ হস্তী-মানৱৰ সংঘাত নিৰ্মূলৰ বাবে শ’ শ’ বিঘা ধান খেতি কৰি ২০১৯ বৰ্ষৰ মুখ্যমন্ত্ৰী সামূহিক কৰ্ম বটাঁ লাভ কৰিবলৈও সক্ষম হৈছিল কেতিয়াবা |

আৰু পঢ়ক : উত্তৰ-পূবৰ এইখন ৰাজ্যত কৰ’ণা সংক্ৰমণ ৰোধৰ বাবে নৈশ কাৰ্ফিউ ঘোষণা