ফোন কৰিলেই আহিব ১০৮ সেৱা ! নতুনকৈ মুকলি হ’ল ১৫০ খন লাইফ চাপৰ্ট এম্বুলেঞ্চ

0
302

ফোন কৰিলেই আহিব ১০৮ সেৱা ! নতুনকৈ মুকলি হ’ল ১৫০ খন লাইফ চাপৰ্ট এম্বুলেঞ্চ

অসম চৰকাৰে মৃত্যুঞ্জয় সেৱালৈ মুকলি কৰিলে ১৫০ খন নতুন বেচিক লাইফ চাপৰ্ট এম্বুলেঞ্চ । আজি মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিক ভাবে উন্মোচন কৰে ৮৩ খন BLS এম্বুলেঞ্চ।

জনতা ভৱনত আজি এই ফ্লেগিং অফ অনুষ্ঠান । অনুষ্ঠানটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে ।

অনুষ্ঠানটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ২০০৮ চনৰ পৰা এই ১০৮ সেৱা আৰম্ভ হৈছিল।ৰাজ্যত বৰ্তমান প্ৰায় ৮০০ খন ১০৮ এম্বুলেঞ্চ সেৱা আছে।

এই সেৱাই ১৯ লাখ গৰ্ভৱতী মহিলাক সুবিধা প্ৰদান কৰি আহিছে।যিখিনি এম্বুলেঞ্চ ব্যৱহাৰ কৰাৰ যোগ্য হৈ থকা নাই সেইসমূহ বিনামূলীয়াকৈ এনজিঅ সমূহক দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীৰ গৰাকীয়ে ।

এম্বুলেঞ্চ সমূহ দিয়াৰ আগত এনজিঅ সমূহৰ ট্ৰেক ৰেকৰ্ড চাই দিবলৈ আহ্বান ।আনহাতে ধুবুৰী মেডিকেল কলেজক স্বীকৃতি দিয়াৰ কথাও তেওঁ উল্লেখ কৰিছিল।

যোৱা ২ দিন আগতে নেচনেল মেডিকেল কাউঞ্চিলে ধুবুৰী মেডিকেল কলেজক স্বীকৃতি প্ৰদান কৰে। ইয়াৰ লগে লগে এতিয়া অসমত ৯ খন স্বীকৃতিপ্ৰাপ্ত মেডিকেল কলেজ হ’ল ।

গুৱাহাটীত আৰু এখন মেডিকেল কলেজৰ কথাও তেওঁ ঘোষণা কৰে । আয়ুস্মান ভাৰতৰ দৰে আয়ুস্মান অসম এক আচনি লোৱাৰ কথাও মুখ্যমন্ত্ৰী গৰাকী উল্লেখ কৰে ।