প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১৫ হাজাৰ যুৱক-যুৱতীৰ বিহু নৃত্যৰে গিনীজ ৱৰ্ল্ড ৰেকৰ্ডৰ লক্ষ্য; চাৰিজনীয়া সমিতি গঠন

0
117
অসমীয়াতে ৰাজ্যবাসীক বিহুৰ শুভেচ্ছা দিলে প্ৰধানমন্ত্ৰী মোদী, শ্বাহ আৰু কেজৰিৱালে...
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অসমৰ বাপতি সাহোন বিহুক গিনীজ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰাৰ লক্ষ্যৰে প্ৰায় ১০ৰ পৰা ১৫ হাজাৰ যুৱক-যুৱতীক লৈ গুৱাহাটীত এটা দৰ্শনীয় অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

ব’হাগ বিহু উপলক্ষ্যে ১৪ এপ্ৰিলত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সেই দিনটোতেই গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰদৰ্শিত হ’ব এই বিহু নৃত্য।

এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে এখন সৰু কেবিনেট সমিতি গঠন কৰি দিছে। মন্ত্ৰী বিমল বৰা, ৰণোজ পেগু, কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত গঠন কৰি দিয়া সমিতিখনে এই অনুষ্ঠান সফল কৰি তোলাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব।

আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেলৰ জৰিয়তে এই সিদ্ধান্ত জনোৱাৰ লগতে অসমৰ বাপতিসাহোন বিহুক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰচেষ্টাস্বৰূপে এই অনুষ্ঠানৰ আয়োজন কৰা বুলি উল্লেখ কৰে।

আজিৰ কেবিনেট বৈঠকত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত নতুন উদ্যোগ নীতি সন্দৰ্ভতো পৰ্যালোচনা কৰে। অহা কেবিনেটত নতুন উদ্যোগ নীতিত অনুমোদন জনোৱা হ’ব।

ইফালে নিয়োগ বিনিময় কেন্দ্ৰ সমূহক ডিষ্ট্ৰিক ইউথ ৱেলফেয়াৰ কাৰ্যালয়লৈ ৰূপান্তৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।  

আনহাতে মৈত্ৰী আঁচনিৰ বাবে আৰু ৩০০ কোটি টকাৰ অনুমোদনৰ লগতে ডিব্ৰুগড় কাৰাগাৰ স্থানান্তৰ কৰাৰ সিদ্ধান্তত অনুমোদন জনোৱা হয় আজিৰ কেবিনেটত।