
আফগানিস্তানত এক ভয়ংকৰ বায়ু দুৰ্ঘটনা সংঘটিত হয়।
মঙলবাৰে নিশা দক্ষিণ হেলমণ্ডৰ নৱা জিলাত আফগান বায়ুসেনাৰ ২খন হেলিকপ্টাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
এই দুৰ্ঘটনাটোত প্ৰায় ১৫জন লোকে প্ৰাণ হেৰুৱাই। এটা স্থানীয় সংবাদ মাধ্যমে এই কথা জানিবলৈ দিয়ে।
সূত্ৰ অনুসৰি, হেলিকপ্টাৰেৰে কমাণ্ডোসকলক এটা স্থান নমাই থকা হৈছিল আৰু তাৰ পৰা আহত সুৰক্ষা কৰ্মীক লৈ যোৱা হৈছিল।
ইয়াৰ মাজতে দুয়োখন হেলিকপ্টাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়। উল্লেখ্য যে, এই ঘটনাটোত ৮জন লোকৰ থিতাতে মৃত্যু হয়।
বৰ্তমানলৈ আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা এই দুৰ্ঘটনাটোক লৈ কোনোধৰণৰ মন্তব্য প্ৰদান কৰা হোৱা নাই।
২৪ ছেপ্টেম্বৰতো এনে এক অনুৰূপ ঘটনা সংঘটিত হৈছিল। এই দুৰ্ঘটনাটোত ২জন পাইলটে প্ৰাণ হেৰুৱাইছিল।
Photo Credit: gonewsindia