29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ২৪ বছৰীয়া পাষণ্ডৰ ধৰ্ষণৰ বলি এগৰাকী ১৪ বছৰীয়া কিশোৰী

    এই জঘন্য ধৰ্ষণৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিলাসীপাৰাত। পাষণ্ড ধৰ্ষণকাৰীক উচিত শাস্তি দিবলৈ দাবী জনাইছে ভুক্তভোগী পৰিয়ালৰ লগতে বিভিন্নজনে

    ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ধৰ্ষণৰ ঘটনা। এইবাৰৰ স্থান বিলাসীপাৰাৰ ৰাণীগঞ্জ।

    ২৪ বছৰীয়া জিতেন চৌহান নামৰ পাষণ্ডই ধৰ্ষণ কৰিলে এগৰাকী ১৪ বছৰীয়া মুছলমান কিশোৰীক।

    বিলাসীপাৰা মহকুমাৰ ৰাণীগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত সোনালিগুৰী গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা।

    পূৰ্ব পৰিকল্পিতভাৱে পাষণ্ড জিতেন চৌহানে কিশোৰীগৰাকীক ঘৰত অকলশৰীয়াকৈ পাই টানি লৈ আন এটা ঘৰত উপৰ্যুপৰি ধৰ্ষণ কৰে।

    কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত ওচৰ-চুবৰীয়াই আহি হাতে-লোটে ধৰে ধৃত জিতেন চৌহানক।

    অৱশ্যে প্ৰত্যক্ষ দৰ্শীয়ে টনা আজোৰা কৰাত ধৰ্ষণকাৰী পলাই যাবলৈ সক্ষম হয়।

    পিছত কিশোৰীগৰাকীৰ পৰিয়ালে ৰাণীগঞ্জ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত ৰাণীগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাৰী জিতেন চৌহানক।

    এই জঘন্য ধৰ্ষণৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিলাসীপাৰাত। পাষণ্ড ধৰ্ষণকাৰীক উচিত শাস্তি দিবলৈ দাবী জনাইছে ভুক্তভোগী পৰিয়ালৰ লগতে বিভিন্নজনে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।