31 C
Guwahati
Thursday, September 29, 2022
More

    দুই সন্তানৰ পিতৃৰ ধৰ্ষণৰ বলি ১৪ বছৰীয়া কিশোৰী, ৪ মাহৰ অন্তঃসত্বা হোৱাতহে পোহৰলৈ আহে সকলো

    দুই সন্তানৰ পিতৃৰ ধৰ্ষণৰ বলি ১৪ বছৰীয়া কিশোৰী, ৪ মাহৰ অন্তঃসত্বা হোৱাতহে পোহৰলৈ আহে সকলো।

    দৰঙৰ ভেৰগাঁৱৰ বৰঙাজুলিত এই কিশোৰী ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে, যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলোফালে ৷

    ধৰ্ষণৰ বহু দিনৰ পাছতহে পোহৰলৈ আহে এই সমষ্ট ঘটনা। ধৰ্ষণৰ ফলত কিশোৰী গৰাকী যেতিয়া গৰ্ভৱতী হয় তেতিয়াহে পৰিয়ালৰ লোকে জানিব পাৰে কিশোৰীৰ সৈতে হোৱা এই জঘন্য ঘটনাৰ কথা।

    অভিযোগ অনুসৰি, একে গাঁৱৰে দুই সন্তানৰ পিতৃ অমৰতন বিশ্বাস ওৰফে অমৃত বিশ্বাস নামৰ পাষণ্ডই ধৰ্ষণ কৰে ১৪ বছৰীয়া কিশোৰী গৰাকীক ৷

    কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি, ধৰ্ষণৰ কথা ৰাজহুৱা কৰিলে হত্যাৰ ভাবুকি দিছিল লম্পট অমৰতনে। যাৰ বাবেই প্ৰাণৰ ভয়ত ইমান দিনে গোপনে ৰাখিছিল অবুজন কিশোৰীয়ে।

    বৰ্তমানে চাৰিমাহ অন্তঃসত্বা হোৱাৰ পিছত হে পোহৰলৈ আহে এই জঘন্য ঘটনা ৷ এই বিষয়ে জানিব পৰাৰ লগে লগে পৰিয়ালৰ লোক কাষ চাপে আৰক্ষীৰ।

    ৩ আগষ্টত ডিমাকুছি থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। পাছে আজি পৰ্যন্ত অপৰাধী গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে ৷

    বিতৰ্কিত আৰক্ষী বিষয়া নয়ন মনি পাটোৱাৰীয়ে এই ঘটনাৰ অপৰাধীক গ্ৰেপ্তাৰৰ বাবে কি কাৰণত তৎপৰ হোৱা নাই সেয়া ৰহস্যৰ আৱৰ্তত আছে ৷

    যাৰ বাবেই এতিয়া ২৪ ঘণ্টাৰ ভিতৰত অপৰাধীক আটক নকৰিলে ডিমাকুছিৰ থানাৰ সন্মুখতে প্ৰতিবাদ কৰাৰ হুংকাৰ ভুক্তভোগী কিশোৰীৰ পৰিয়ালৰ লগতে দল সংগঠনৰ ৷

    Input and Photo – Dipak Deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং