আশীৰ্বাদ এপাৰ্টমেণ্টত ভয়ংকৰ অগ্নিকাণ্ড; তিনিটা শিশুসহ ১৪ গৰাকী লোকৰ মৃত্যু, বহু আহত

0
4928

ঝাৰখণ্ডৰ ধনবাদ চহৰত এটা অট্টালিকাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়।

লাভ কৰা তথ্য অনুসৰি মঙলবাৰে সন্ধিয়া শক্তি মন্দিৰ পথত অৱস্থিত আশীৰ্বাদ টাৱাৰত এই ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়।

অগ্নিকাণ্ডটোত বহু পৰিয়াল আৱদ্ধ হৈ আছিল আৰু ইয়াৰে অধিকাংশক অগ্নিনিৰ্বাপক বাহিনীৰ দল আৰু প্ৰশাসনৰ সহায়ত উদ্ধাৰ কৰে।

প্ৰাপ্ত খবৰ অনুসৰি, ১৮ জন আহতক পাটিলপুত্ৰ নাৰ্চিং হোমত ভৰ্তি কৰাৰ বিপৰীতে ১৩ গৰাকী লোকৰ মৃতদেহ এছ এন এম চি এইচ্চলৈ প্ৰেৰণ কৰা হৈছে।

অৱশ্যে বহু কষ্টৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে, এপাৰ্টমেণ্টটোত বাস কৰা সুবোধ শ্ৰীবাস্তৱৰ কন্যাৰ বিবাহ অনুষ্ঠানৰ বাবে বহু আত্মীয় তথা বাহিৰা মানুহ আহিছিল।

সেই সময়তে এপাৰ্টমেণ্টৰ তলৰ মহলাত বাস কৰা পংকজ আগৰৱালা নামৰ এজন লোকৰ ঘৰৰ কাৰ্পেটত জ্বলি থকা লেম্প এটা বাগৰি পৰে। লাহে লাহে জুই বিয়পি ওপৰৰ মহলাটোকো আগুৰি ধৰে।

ইয়াত অধিক লোকৰ উপস্থিতিৰ বাবেই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত জুইৰ ফলত তিনিটা শিশু, এজন পুৰুষ আৰু দহগৰাকী মহিলাই প্ৰাণ হেৰুৱায়।

আশীৰ্বাদ টাৱাৰ আৱাসিক আৰু ব্যৱসায়িক কেন্দ্ৰ। ইয়াত প্ৰায় ৭০ৰ পৰা ৮০টা ফ্লেট আছে।