16 C
Guwahati
Friday, December 3, 2021
More

    ক্ৰিকেটৰ পথাৰৰ ১৩৭ বছৰীয়া পুৰণি ৰেকৰ্ড, যি আজিয়ো অক্ষত

    ক্ৰিকেটৰ পথাৰৰ ১৩৭ বছৰীয়া পুৰণি ৰেকৰ্ড, যি আজিয়ো অক্ষত

    আজিৰ পৰা ১৩৭ বছৰ পূৰ্বে ১৮৮৪ চনত এগৰাকী ক্ৰিকেটাৰে এক এনে ৰেকৰ্ড গঢ়িছিল যি আজিৰ দিনত ধুৰন্ধৰ ধুৰন্ধৰ খেলুৱৈ থকাৰ পিছতো ভাঙিবলৈ অক্ষম। ইংলেণ্ডৰ এগৰাকী খেলুৱৈৰ সেই ৰেকৰ্ডৰ ওচৰো চাপিবলৈ সক্ষম হোৱা নাই আজিলৈকে।

    ১৮৮৪ চনত ইংলেণ্ডৰ খেলুৱৈ ৱাল্টাৰ ৰীড (Walter Read)-এ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১১৭ ৰান কৰি সেই ৰেকৰ্ডৰ গৰাকী হৈছিল। পিছে সেই সাধাৰণ শতকটো হৈ পৰিছিল একেবাৰে অসাধাৰণ। কিয়নো ৱাল্টাৰে খেলপথাৰত ১০ নম্বৰ খেলুৱৈ হিচাপে নামি সেই শতক কৰিছিল।

    ১০ নম্বৰ স্থানত খেলপথাৰত নামি ১১৭ ৰান কৰাটো বৰ্তমান সময়তো অক্ষত। সেই ৱাল্টাৰ ৰীডৰেই আজি ২৩ নৱেম্বৰ তাৰিখে জন্মদিন।

    তাৰ পিছতো কেইবাগৰাকী খেলুৱৈয়ে ১০ নম্বৰ স্থানত গৈ শতক অৰ্জন কৰিছে যদিও ৱাল্টাৰ ৰীডৰ শকত ভাঙিবলৈ সক্ষম হোৱা নাই।

    খেলুৱৈ কেইগৰাকী হৈছে-

    বাংলাদেশৰ আবুল হাছান,২০১২ চনত ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে খেলপথাৰত ১০ নম্বৰ স্থানত নামি ১১৩ ৰান কৰিছিল।
    দক্ষিণ আফ্ৰিকাৰ পেট চিমকাক্স, ১৯৯৮ চনত পাকিস্তানৰ বিৰুদ্ধে ১০৮ ৰান কৰিছিল।
    অষ্ট্ৰেলিয়াৰ ৰেগী ডফ, ১৯০২ চনত ইলেণ্ডৰ বিৰুদ্ধে ১০ নম্বৰ স্থানত খেলপথাৰত নামি ১০৪ ৰান কৰিছিল।

    আৰু পঢ়ক : ”মোক গালি দিয়াৰ বাবেই প্ৰহাৰ কৰিছিলো”তৰুণ ডেকা হত্যাকাণ্ডৰ অভিযুক্তৰ বিস্ফোৰক স্বীকাৰোক্তি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং