পদব্ৰজে গৃহাভিমুখী ১৩০ লোকক গোৱালপাৰা প্ৰৱেশত বাধা, আশ্ৰয় প্ৰদান বকো আৰক্ষীৰ

শাখাতি ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পৰা অনাহাৰ, অনিদ্ৰাত থকা শ্ৰমিকক নিশা উদ্ধাৰ কৰে বকো আৰক্ষীয়ে

0
60

ৰাজ্যত নিজ নিজ গৃহাভিমুখে যাত্ৰাৰ বাবে সুবিধা দিয়াৰ পিছতো বহু লোকে বৰ্তমানেও এই সুবিধা লাভ কৰিব পৰা নাই। হেল্পলাইন ১০৪ত বাৰম্বাৰ ফোন কৰিও পোৱা নাই সহাৰী। সেয়ে উপায়ন্তৰ হৈ কৰ্মসূত্ৰে গুৱাহাটীত আৱদ্ধ হৈ থকা শতাধিক লোকে পদব্ৰজেই যাত্ৰা কৰে নিজ নিজ গৃহলৈ বুলি।

পিছে মাজবাটতে বিপদত পৰিছে পদব্ৰজেই যাত্ৰা কৰা ডেৰ শতাধিক পুৰুষ, মহিলাকে ধৰি শিশু। গৃহাভিমুখে পদব্ৰজে যোৱা লোকক বাধা ধূপধৰাত। ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজ কাঢ়ি যোৱা লোকক কামৰূপ জিলাৰ বকোৰ শাখাতিত বাধা। গোৱালপাৰাৰ জিলাত প্ৰৱেশ কৰিব দিয়া নাই ধূপধৰা আৰক্ষীয়ে।

লঘোনে ভোকে দুই-তিনিদিন খোজ কাঢ়ি বিভিন্ন জিলাৰ পৰা গৃহাভিমুখে গৈ আছিল এই সকল লোক। পিছে কৰ’ণাৰ আতংকত নিজ জিলাৰ নাগৰিককো প্ৰৱেশ কৰিব দিয়া নাই আৰক্ষীয়ে। নাই কোনো মানৱীয় দৃষ্টিভংগী। প্ৰহাৰ কৰাৰ ভাবুকি প্ৰদান কৰি খেদি পঠিয়াই ডেৰ শতাধিক পুৰুষ, মহিলা আৰু শিশুক। ORANGE ZONE কামৰূপৰ বকোৰ পৰা RED ZONE গোৱালপাৰাত প্ৰৱেশত বাধা ধূপধৰা আৰক্ষীৰ।

যাৰ বাবে নিশা নামি অহাত লগতে শিশু আৰু মহিলা থকাত চূড়ান্ত অনিশ্চয়তাত ভূগে সকলোৱে। পিছে এনে সময়তে আগবাঢ়ি আহে বকো আৰক্ষী। বকোৰ আশ্ৰয় গৃহত স্থান দিলে এই ১৩০গৰাকী লোকক। শাখাতি ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পৰা অনাহাৰ, অনিদ্ৰাত থকা শ্ৰমিকক নিশা উদ্ধাৰ কৰে বকো আৰক্ষীয়ে।

ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ্মৰত শ্ৰমিক এইসকল। পদব্ৰজে ধুবুৰী, মানকাচাৰ, গোৱালপাৰা, কোকৰাঝাৰ, মেঘালয়, উত্তৰ সালমাৰা, বঙাইগাওলৈ আহি থকা অৱস্থাত উদ্ধাৰ। স্বাস্থ্যকৰ্মীৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা শ্ৰমিকসকলক। বকোস্থ ITI চেণ্টাৰ আশ্ৰয় গৃহত ৰখা হৈছে শ্ৰমিকসকলক। খাদ্য সামগ্ৰী যোগান বকো আৰক্ষীৰ। উল্লেখ্য যে ORANGE ZONE কামৰূপৰ বকোত ITI চেণ্টাৰৰ আশ্ৰয় গৃহত পূৰ্ব্বেও ৮৮জন শ্ৰমিকক ৰখা হৈছিল।

Photo Credit:@manimala-deka