28 C
Guwahati
Monday, September 26, 2022
More

    আত্মহত্যা নহয় হত্যা কৰা হৈছিল হেনো ১৩ বছৰীয়া দীক্ষিতা গগৈক, কোঠাৰ ভিতৰত হত্যাকাৰীৰ উপস্থিতিৰ তথ্য লাভ…

    আত্মহত্যা নহয় হত্যা কৰা হৈছিল হেনো ১৩ বছৰীয়া দীক্ষিতা গগৈক, কোঠাৰ ভিতৰত হত্যাকাৰীৰ উপস্থিতিৰ তথ্য লাভ…

    নাহৰকটীয়াৰ ছাত্ৰী আত্মহত্যাৰ ঘটনাই লৈছে নতুন মূৰ। আত্মহত্যা নহয় হত্যা হে কৰা হৈছিল হেনো নাগৰকটীয়াৰ ১৩ বছৰীয়া ছাত্ৰী দীক্ষিতা গগৈক। পৰিয়ালৰ অভিযোগ ভাড়াঘৰৰ মালিকৰ পুত্ৰই হত্যা কৰিছে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকীক।

    ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ ৰহস্যজনক ভাবে মৃতদেহ উদ্ধাৰৰ ঘটনাই লৈছে নতুন মূৰ। অভিযোগ অনুসাৰে অতি পৰিকল্পিত ভাবে হত্যা কৰা হৈছিল ১৩ বছৰীয়া কিশোৰী দিক্ষীতা গগৈক।

    বিগত ৮ আগষ্টত নাহৰকটীয়া চহৰৰ মাজমজিয়াত থকা এটা ভাড়াঘৰত ডিঙিত চিপজৰী লগোৱা অৱস্থাত উদ্ধাৰ হৈছিল চহৰ খনৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত দীক্ষিতা গগৈ নামৰ এইগৰাকী ১৩ বছৰীয়া ছাত্ৰীৰ মৃতদেহ।

    ঘৰত কোনো নথকা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল। প্ৰথমাৱস্থাত কিশোৰী গৰাকীয়ে আত্মহত্যা কৰিছিল বুলি পিতৃ মাতৃয়ে এজাহাৰ দাখিল কৰিছিল। স্থানীয় লোকেও অভিভাৱকৰ অত্যাধিক পঢ়াৰ বোজাৰ বাবেই ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছিল।

    পিছে এই ঘটনাৰ সাতটাকৈ দিনৰ অন্তত পোহৰলৈ আহিছে ঘটনাৰ প্ৰকৃত কাৰণ। আত্মহত্যা নহয় প্ৰকৃততে হত্যা কৰা হৈছিল ১৩ বছৰীয়া কিশোৰী দিক্ষীতা গগৈক।

    মৃত ছাত্ৰীগৰাকীৰ পিতৃ মাতৃ ক্ৰমে বীণাপানি গগৈ আৰু আদিত্য গগৈৰ অভিযোগৰ ভিত্তিত তেওঁলোকে বাস কৰা ভাড়াঘৰটোৰ গৰাকীৰ পুত্ৰ সুব্ৰত দেৱক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

    ঘৰত কোনো নথকাৰ সুযোগ লৈ সুব্ৰতই হত্যা কৰিছিল হেনো ১৩ বছৰীয়া দিক্ষীতাক। কিন্ত কিয় হত্যা কৰা হল ছাত্ৰীগৰাকীক! ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

    ইফালে এই ঘটনা সন্দৰ্ভত মঙলবাৰে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক স্বেতাংক মিশ্ৰই ঘটনা সংঘটিত হোৱা ভাড়া ঘৰটো নিৰীক্ষণ কৰি এই ঘটনাৰ সৈতে সুব্ৰত দেৱ জড়িত থকাৰ কেতবোৰ তথ্য লাভ কৰিছে বুলি প্ৰকাশ কৰে।

    যাৰ বাবে বৰ্তমানে এই ঘটনা সংক্ৰান্তত অধিক তদন্ত চলাই আছে বুলি প্ৰকাশ কৰে আৰক্ষীয়ে। ইফালে ছাত্ৰী গৰাকীৰ মৃত্যু এক হত্যাকাণ্ড বুলি প্ৰচাৰ হোৱাত মঙলবাৰে সন্ধিয়া নাহৰকটীয়া থানাত একাংশ মহিলা উপস্থিত হৈ এই ঘটনাৰ তদন্ত ক্ষীপ্ৰতৰ কৰি তুলিবলৈ দাবী উত্থাপন কৰে।

    nput and Photo – Asif Ikbal

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং