29 C
Guwahati
Friday, August 5, 2022
More

    নাইট ক্লাবত বিধ্বংসী অগ্নিকাণ্ড; ১৩ জনৰ মৃত্যু, ৩৫ জন আহত

    থাইলেণ্ডৰ ৰাজধানী বেংককৰ দক্ষিণ-পূব দিশৰ চোনবুৰী প্ৰদেশৰ এটা নাইট ক্লাবত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ১৩ জন লোক নিহত হোৱাৰ লগতে আহত হয় ৩৫ জন লোক।

    অগ্নিকাণ্ড সংঘটিত হোৱা নাইট ক্লাবটো ভাৰতীয় পৰ্যটকৰ মাজত অতি জনপ্ৰিয়।

    লাভ কৰা তথ্য অনুসৰি সত্তাহিপ জিলাৰ মাউণ্টেন বি নাইট ক্লাবত স্থানীয় সময় অনুসৰি নিশা ১ বজাত অগ্নিকাণ্ড সংঘটিত হৈছিল।

    আৰক্ষী কৰ্ণেল ৱুটিপং সোমজাইৰ মতে, সত্তাহিপ জিলাৰ মাউণ্টেন বি নাইট ক্লাবত নিশা প্ৰায় ১ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। নিহত হোৱা লোকসকলৰ অধিকাংশই থাইলেণ্ডৰ বাসিন্দা।

    আই এন এন নিউজৰ তথ্য অনুসৰি এই অগ্নিকাণ্ডত ৯ জন পুৰুষ আৰু ৪ গৰাকী মহিলাৰ মৃত্যু হৈছে।

    নাইটক্লাবত অগ্নিকাণ্ডৰ পিছত উদ্ধাৰ অভিযান চলোৱা দলটোৰ মতে, অগ্নিকাণ্ডৰ ফলত কমেও ৪১ জন লোক আহত হৈছে, যিসকলক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

    বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। অধিক তদন্ত চলি আছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং