ভাৰতত কৰ’ণাঃ ৰাজস্থানত ১২৩জন লোক নতুনকৈ আক্ৰান্ত; ৪জনৰ মৃত্যু, আক্ৰান্ত লোকৰ সংখ্যা ৩০০০ৰ অতিক্ৰম

ইয়াৰে ২৯,৪৫৩টা সক্ৰিয়, ১১,৭০৭জন লোক সুস্থ হৈ উঠিছে আৰু তেওঁলোকক হাস্পতালৰ পৰা ঘৰলৈ যাব দিয়া হৈছে।

0
35

ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাই গৈ আছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ২৫৫৩জন লোক নতুনকৈ আক্ৰান্ত হৈছে আৰু ৭২জন লোকৰ মৃত্যু হৈছে। ইয়াৰ পিছত দেশজুৰি কৰ’ণা পজিটিভ লোকৰ সংখ্যা মুঠ ৪২,৫৩৩জন।

ইয়াৰে ২৯,৪৫৩টা সক্ৰিয়, ১১,৭০৭জন লোক সুস্থ হৈ উঠিছে আৰু তেওঁলোকক হাস্পতালৰ পৰা ঘৰলৈ যাব দিয়া হৈছে। এইপৰ্যন্ত ১৩৭৩জন লোকৰ মৃত্যু হৈছে। ইফালে, আজি ৰাজস্থানত ১২৩ আৰু ওড়িশাত নতুনকৈ এজন লোক কৰ’ণাত আক্ৰান্ত হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে ক’লে যে দিল্লীৰ সেইসমূহ স্থানৰ ভিতৰত এখন য’ত পৰিস্থিতি লক্ষ্য কৰি অধিক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰয়োজন। মই বিচাৰো যে কৰ’ণাৰ প্ৰভাৱ ৰোধ কৰিবলৈ দিল্লী চৰকাৰৰ দ্বৰা নূন্যতম ৰেহাই প্ৰদান কৰিব লাগে।

Photo credit: PTI