
ত্ৰিপুৰাত সমুখলৈ আহিছে এক ভয়ংকৰ দৃশ্য। একেলগে ১২ গৰাকী বি এছ এফ জোৱান ত্ৰিপুৰাত কভিড-১৯ পজিটিভ চিনাক্ত। দেওবাৰে তেজৰ নমুনাৰ পৰীক্ষাৰ ফলাফল কভিড-১৯ পজিটিভৰূপে বাৰ গৰাকীকৈ বি এছ এফ জোৱান চিনাক্ত হয়।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেবে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এই কথা সদৰী কৰিছে। আটাইকেইজন জোৱানেই ধালাই জিলাৰ জহৰ নগৰস্থিত বি এছ এফ ১৩৮ ইউনিটৰ বুলি টুইটাৰ যোগে জানিব পৰা গৈছে।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰোগীসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে। জানিব পৰা মতে, শনিবাৰে জিলাখনত দুগৰাকী বি এছ এফ জোৱানক ক’ভিড-১৯ পজিটিভ পোৱা গৈছিল। ইয়াৰ পিছতে স্বাস্থ্য বিভাগে বাকী বি এছ এফ জোৱানসকলৰো নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা পিছতে এই ফলাফল পোৱা গৈছে।
উল্লেখ্য যে ৰাজ্যখনত পূৰ্বে দুগৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছিল আৰু তেওঁলোকক যাবলৈ দিয়া হৈছে। ইয়াৰ ফলত ৰাজ্যখনত কভিড-১৯ ৰোগী ১৬গৰাকী যদিও দুজন সুস্থ হেৱাত বৰ্তমানে সক্ৰিয় ৰোগী ১৪ গৰাকীহে আছে। লগতে ৰাজ্যবাসীক ভয় নাখাবলৈ কৈছে আৰু সুৰক্ষিত হৈ থাকিবলৈ অনুৰোধ জনাইছে বিপ্লব কুমাৰ দেবে।
Photo Credit: Tripurainfoway