15 C
Guwahati
Thursday, January 20, 2022
More

    অমিক্ৰণৰ সন্দেহত ১২ গৰাকীক ভৰ্তি এল এন জে পি হাস্পতালত

    কৰ’ণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সন্দেহত মুঠ ১২ জন লোকক দিল্লীৰ লোক নায়ক জয় প্ৰকাশ নাৰায়ণ (এল এন জে পি) হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

    কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে জনাইছিল যে ভাৰতৰ কৰ্ণাটকত প্ৰথম দুটা অমিক্ৰণ প্ৰকাৰৰ ঘটনা ধৰা পৰিছিল।

    দুজন ব্যক্তিৰ এজন দক্ষিণ আফ্ৰিকাৰ নাগৰিক আছিল আৰু ইতিমধ্যে তেওঁ দেশ ত্যাগ কৰিছে।

    সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে অমিক্ৰণৰ দ্বাৰা আক্ৰান্তৰ সন্দেহত ৮ জন লোকক এল এন জে পি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

    ইফালে এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে, ‘আজি চাৰিজন সন্দেহজনক লোকক ভৰ্তি কৰা হৈছে, যাৰ ভিতৰত দুজন ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু আন দুজনৰ ৰিপ’ৰ্টৰ বাবে অপেক্ষা কৰি থকা হৈছে’।

    খবৰ পোৱা গৈছে যে সন্দেহযুক্ত ৪ জনৰ ভিতৰত ২ জন ইউকেৰ পৰা, এজন ফ্ৰান্সৰ পৰা আৰু এজন নেডাৰলেণ্ডৰ পৰা আহিছিল।

    আৰু পঢ়ক : টুইটাৰৰ বিশেষ সিদ্ধান্ত, চৰকাৰৰ হৈ ‘জি হুজুৰ’ কৰা ৩৫০০ একাউণ্ট বন্ধ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং