31 C
Guwahati
Thursday, August 4, 2022
More

    অপৰিৱৰ্তিত বান পৰিস্থিতি; ২৪ ঘণ্টাত ১২ জনৰ মৃত্যু, ১৫১ লৈ বৃদ্ধি মৃতকৰ সংখ্যা

    এতিয়াও উদ্বেগজনক হৈ আছে অসমৰ বান পৰিস্থিতি। কেইবাটাও নদীৰ জলপৃষ্ঠ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ অধিকাংশ অঞ্চল এতিয়াও বানপানীত ডুবি আছে।    

    এতিয়াও ২৬ খন জিলাৰ ২,৬৭৫ খন গাঁও অৰ্থাত ৩১,৫৪,৫৫৬ লাখৰো অধিক লোক বানত আক্ৰান্ত হৈ আছে।

    বুধবাৰে চৰকাৰৰ তৰফৰ পৰা এই তথ্য প্ৰদান কৰা হয়।

    তথ্যত কোৱা হয় যে মে’ মাহৰ মাজভাগৰ পৰা এতিয়ালৈকে দুটা পৰ্যায়ত হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত ১৫১ জন লোকে প্ৰাণ হেৰুৱাইছে।

    অৰ্থাত যোৱা ২৪ ঘণ্টাত ১২ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে এজনৰ আজি ভূমিস্খলনৰ ফলত মৃত্যু হয়।

    অসমৰ আন প্ৰান্তৰ লগতে বিশেষকৈ বৰাক উপত্যকাৰ কাছাৰৰ পৰিস্থিতি এতিয়াও সংকটজনক হৈ আছে। তথ্য অনুসৰি, বেকী, কপিলী, ব্ৰহ্মপুত্ৰ নদী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং