
চীন আৰু দক্ষিণ-পূব এছিয়াৰ পৰা উভতি অহা প্ৰায় ১২ জন ভাৰতীয় যাত্ৰী ক’ভিডত আক্ৰান্ত হৈছে। বুধবাৰে বাংগালুৰু বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে কৰা ক’ভিড টেষ্টত তেওঁলোকক পজিটিভ পায়।
কৰ্ণাটকৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ১২ জন যাত্ৰীৰ ভিতৰত ৪ জন যাত্ৰীক ব্যক্তিগত চিকিৎসালয়ত কোৱাৰেণ্টাইনত ৰখা হৈছে আৰু বাকী যাত্ৰীসকলক হোম কোৱাৰেণ্টাইনত ৰখা হৈছে।
’ডিচেম্বৰ মাহৰ ২৪ তাৰিখলৈ বেংগালুৰুত উপস্থিত হোৱা ২,৮৬৭ গৰাকী যাত্ৰীৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ১২ জন লোকক পজিটিভ পোৱা গৈছে। ১২ জন ৰোগীৰ নমুনা জিন’মিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে যাতে ইয়াৰ ভেৰিয়েণ্টটো জানিব পৰা যায়’, কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী কে সুধাকৰে টুইট কৰি কয়।
উল্লেখ্য যে চীনৰ লগতে বিশ্বৰ আন কেইবাখনো দেশত কৰ’ণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতা অৱলম্বন কৰা ভাৰত চৰকাৰে আজি লৈছে এক ডাঙৰ সিদ্ধান্ত।
চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা ছয়খন দেশৰ পৰা অহা লোকে কৰ’ণাৰ আৰ টি পি চি আৰ টেষ্ট কৰাটো বাধ্যতামূলক।
নতুন বছৰৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ’ব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনছুখ মাণ্ডৱিয়াই এটা টুইটৰ জৰিয়তে এই কথা ঘোষণা কৰে।