26 C
Guwahati
Thursday, September 16, 2021
More

    অসমৰ তিনিখন জিলাত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান, বহিঃৰাজ্যলৈ যোৱা শ-শ বাহন আৱদ্ধ

    সীমা কেন্দ্ৰিক বিবাদত উত্তপ্ত হৈ পৰা বৰাক উপত্যকাৰ তিনিখন জিলাত আজি ১২ ঘণ্টীয়া বন্ধৰ আহ্বান কৰা হৈছে।

    মিজো আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধাচৰণ কৰিয়েই বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টকে আদি কৰি বিভিন্ন দল-সংগঠনে অসম-মিজোৰাম সীমান্তৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত বন্ধৰ আহ্বান জনাইছে।

    ৰাতিপুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ আহ্বান জনোৱা বন্ধৰ ফলত স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰিছে বৰাক উপত্যকাৰ তিনিওখন জিলাত।

    ইফালে হাইলাকান্দিত অব্যাহত আছে ৰেইল আৰু ঘাইপথ অৱৰোধ। মিজোৰামলৈ যোৱা ৰেইলপথ বিচ্ছিন্ন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰী সকলে।

    প্ৰতিবাদকাৰী সকলে মিজো আৰক্ষীৰ নৃশংসতাক গৰিহনা জনোৱাৰ লগতে সীমাত এইধৰণৰ বৰ্বৰতা যাতে ভৱিষ্যতে নচলাই তাকো সকীয়াই দিয়ে।

    ইফালে একাংশ ক্ষুব্ধ জনতাই মিজোৰামৰ বিৰুদ্ধে গঢ়ি তুলিছে ব্যাপক অৰ্থনৈতিক অৱৰোধ। প্ৰতিবাদকাৰীসকলে বন্ধ কৰি দিছে শিলচৰ-আইজল সংযোগী ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথ।

    ইয়াৰ উপৰি ৬ নং ৰাষ্ট্ৰীয় ঘাইপথো বন্ধ কৰি দিছে প্ৰতিবাদকাৰীসকলে।

    আজি ৰাতিপুৱাৰ পৰা চলা এই প্ৰতিবাদত মিজোৰামলৈ যোৱা শ-শ যান-বাহন আৱদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে।

    উল্লেখ্য যে যোৱা সোমবাৰে অসমৰ ভূমি দখল কৰা অঞ্চল পৰিভ্ৰমণলৈ যোৱা অসম আৰক্ষীৰ দললৈ লক্ষ্য কৰি মিজো আৰক্ষীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাত অসমৰ ৬ গৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে অৰ্ধশতাধিকৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছিল।

    এই ঘটনাৰ পিছৰে পৰা বৰাক উপত্যাকৰ জিলা তিনিখনত তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি আছে।  

    আৰু পঢ়ক : সীমা কেন্দ্ৰিক বিবাদত উত্তপ্ত কাছাৰ আৰু হাইলাকান্দিত নতুন আৰক্ষী অধীক্ষক 

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং