ৰাৱণ দহনৰ বাবে সাজু হৈছে গুৱাহাটী, ১১১ ফুট উচ্চতাৰ ৰাৱণ নিৰ্মাণ ৰাৱণ বধৰ বাবে

0
550
প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাৱণ দহনৰ বাবে সাজু হৈছে গুৱাহাটী, ১১১ ফুট উচ্চতাৰ ৰাৱণ নিৰ্মাণ ৰাৱণ বধৰ বাবে

কভিড মহামাৰীৰ অন্তত ৪ বছৰৰ পাছত এইবাৰ পুনৰ ৰামলীলাৰ বাবে সাজু হৈছে গুৱাহাটী বাসী। ৰামলীলৰ অনুষ্ঠান হিচাপে দাহন কৰা হব ৰাৱণৰ পুত্তলিকা।

ইয়াৰ বাবে গুৱাহাটীৰ মাজমজিয়াস্থিত নেহেৰু ষ্টেডিয়ামত নিৰ্মাণ কৰি থকা হৈছে ১১১ ফুট উচ্চতাৰ এক বিশাল ৰাৱণ। বিজয়া দশমীৰ দিনা জ্বলোৱা হব এই ৰাৱণ।

এইবাৰৰ দশমী পূজা ৫ অক্টোবৰৰ দিনা দাহন কৰা হব ৰাৱণ। ৰাৱণৰ লগতে থাকিব ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণ আৰু পুত্ৰ মেঘনাদ। ইতিমধ্য কুম্ভকৰ্ণ আৰু মেঘনাদৰো পুত্তলিকা নিৰ্মাণত ব্য়স্ত হৈ পৰিছে শিল্পী।

৫ অক্টোবৰত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰামলীলা। ৪ বছৰৰ অন্তত অনুষ্ঠিত হ’ব লগা ৰামলীলাত বিজয়া দশমীৰ দিনা দাহন কৰা হ’ব ১১১ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি।

বিজয়া দশমীৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইলেকট্ৰিকভাৱে জ্বলাই দিব ৰাৱণৰ এই বিশালকায় পুত্তলিকা।