
পিতৃৰ আকস্মিক মৃত্যুৰ খবৰ পাই ১১ বছৰীয়া কন্যাই কুঁৱাত জঁপিয়াই আত্মহত্যা কৰাৰ দৰে এক কৰুণ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ অশোকনগৰ জিলাত। শনিবাৰে আৰক্ষীয়ে এই কথা জানিব দিয়ে।
এজন বিষয়াই জনোৱা মতে, শুকুৰবাৰে অশোক নগৰ দেহাত থানা এলেকাৰ অন্তৰ্গত বৰখেড়া জাগীৰ গাঁৱত সংঘটিত হয় এই ঘটনা।
দেহাট আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক পহলৱান চৌহানে জনোৱা মতে, শুকুৰবাৰে পুৱা বৰখেড়া জাগীৰ গাঁৱৰ বাসিন্দা ৰামবাবু ধাকড় নামৰ লোকজনৰ বুকুৰ বিষ হোৱাত পৰিয়ালৰ লোকে তেওঁক জিলা চিকিৎসালয়লৈ লৈ যায়।
কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত চিকিৎসকে ধাকড়ক মৃত বুলি ঘোষণা কৰে।
চৌহানে জনোৱা মতে, পৰিয়ালৰ লোকে ধাকড়ৰ মৃত্যুৰ কথা ফোনযোগে খবৰ দিয়াৰ পিছতে তেওঁৰ ১১ বছৰীয়া কন্যা ঘৰৰ পৰা ওলাই যায়।
বহু সময়লৈকে ঘৰলৈ ঘূৰি নহা দেখি বিচাৰ খোচাৰ কৰাত কিশোৰীগৰাকীৰ মৃতদেহ এটা কুঁৱাত উদ্ধাৰ হয়। আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।