30 C
Guwahati
Monday, September 20, 2021
More

    দলবদ্ধ ধৰ্ষণৰ বলি হৈ দুদিনলৈ অচেতন মহিলাঃ ১১ ধৰ্ষণকাৰীৰ ৮ অভিযুক্তৰ শৰীৰত কৰ’ণা পজিটিভ

    ঝাৰখণ্ডত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এগৰাকী ৩৫ বছৰীয়া মহিলাক ১১ পাষণ্ডই দলবদ্ধ ধৰ্ষণ কৰি দুদিনলৈ অচেতন অৱস্থাত পেলাই থৈ যায়।

    মহিলাগৰাকীয়ে বিয়লি শৌচ কৰিবলৈ কেইজনমান সুৰাপায়ী যুৱকে মহিলাগৰাকীক আগুচি ধৰে। মহিলাগৰাকীক খেতিৰ মাজলৈ টানি লৈ এটাৰ পিছত এটাকৈ দলবদ্ধ ধৰ্ষণ কৰে।

    ওৰে নিশা মহিলাগৰাকীক ধৰ্ষণ কৰাৰ পিছত মহিলাগৰাকীক অচেতন অৱস্থাত পেলাই থৈ যায়। মহিলাগৰাকীয়ে দুদিনৰ মূৰত কোনোমতে উঠি ঘৰলৈ গৈ সমগ্ৰ ঘটনা ঘৰৰ লোকক বিৱৰি কয়।

    উল্লেখ্য যে ধৰ্ষণকাৰী কেইটাই নিজৰ পৰিয়ালৰ লোকক মাতিও যুৱতীগৰাকীক ধৰ্ষণ কৰিবলৈ এৰি দিছিল।

    ইয়াৰ পিছত মহিলাগৰাকীৰ পৰিয়ালে অভিযুক্তকেইটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত ১১ অভিযুক্তক আটক কৰে।

    ইয়াৰ পিছত ১১ টা অভিযুক্তৰ স্বাস্থ্য পৰীক্ষা কৰাওঁতে ৮ টা ৰ শৰীৰত কৰ’ণা পজিটিভ ধৰা পৰে।

    আৰু পঢ়ক : বৈজ্ঞানিকৰ ডাঙৰ আৱিষ্কাৰ, পৃথিৱীৰ পৰা নোহোৱা হৈ যাব প্লাষ্টিক!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং