32 C
Guwahati
Friday, September 17, 2021
More

    বলীউড জগতৰ বিশেষ দম্পতি, যিয়ে যোগ্যতাৰ ভিত্তিত পাব লাগিছিল অধিক সন্মান তথা জনপ্ৰিয়তা

    বলীউড, তাৰকা-মহাতাৰকাৰে ভৰপুৰ এই জগতত যোগ্য ব্যক্তিৰ অভাৱ নাই। পিছে জনপ্ৰিয়তা তথা সন্মান সেইসকলেহে অধিক পাই যিয়ে কেৱল মুখ্যচৰিত্ৰত অভিনয় কৰে। তাৰ বাহিৰে সকলো যেন কেৱল সহায়কেই।

    কেৱল অভিনয়ৰে নহয় বলীউডত এনে কিছু দম্পতি আছে যিয়ে নিজৰ যোগ্যতা দেখুৱাবলৈ সক্ষম হৈছে। পিছে লাভ কৰা নাই পাব লগীয়া সন্মান তথা জনপ্ৰিয়তা। অভিনয়, সংগীত, ছবি পৰিচালনা আদি কামত নিজৰ দক্ষতা দেখুওৱা এনে কিছুমান স্বামী-স্ত্ৰী আছে যাৰ বিষয়ে হয়তো বহু লোকে নাজানেই।

    বিশাল ভৰদ্বাজ-ৰেখা ভৰদ্বাজ
    এগৰাকীয়ে ছবি পৰিচালনা কৰে আনগৰাকীয়ে নিজক কণ্ঠৰে হাজাৰ জনৰ মন মুহি নিয়ে। স্বামীৰ দক্ষতাৰ পৰিচয় পোৱা গৈছে ‘সাত খুন মাফ’, ‘মকবুল’, ‘ওমকাৰা’, ‘কমিনে’ আদি। আনহাতে পত্নী ৰেখা ভৰদ্বাজে নিজৰ কিছু ব্যতিক্ৰমি কণ্ঠ নিগৰাই জনপ্ৰিয় কৰা গীত ফিৰ লে আয়া দিল, কবীৰা, গেন্দা ফুল, ৰাত কে ঢাই বজে, জুডাই আদি বহুতো। পিছে জনপ্ৰিয়তা তেনেকৈ লাভ নকৰিলে।

    বলীউড জগতৰ বিশেষ দম্পতি, যিয়ে যোগ্যতাৰ ভিত্তিত পাব লাগিছিল অধিক সন্মান তথা জনপ্ৰিয়তা

    সুপ্ৰিয় পাঠক, পংকজ পাঠক
    ইজনকৈ সিজন চৰা অভিনয়ত। অভিনয় কৰিয়ে জীৱনৰ অধাতকৈ অধিক সময় পাৰ কৰিলে। চৰিত্ৰাভিনয় কৰাত পাকৈত এই হাল দম্পতি। বোলচবিৰ সমানে থিয়েটাৰ, নাটক আৰু ধাৰবাহিকত নিজৰ নিজৰ সুন্দৰ অভিনয়ৰ প্ৰমাণ দিছে দুয়োগৰাকী স্বামী-স্ত্ৰীয়ে।

    বলীউড জগতৰ বিশেষ দম্পতি, যিয়ে যোগ্যতাৰ ভিত্তিত পাব লাগিছিল অধিক সন্মান তথা জনপ্ৰিয়তা

    নাশ্বিৰুদ্দিন শ্বাহ-ৰত্না পাঠক শ্বাহ
    নাশ্বিৰুদ্দিন শ্বাহৰ অভিনয়ৰ কথা নতুনকৈ কব লগীয়া নাই। তেখতৰ পত্নীয়ো কোনো গুণে কম নহয় অভিনয়ত তেজতেই যেন আছে অভিনয়। মাতৃ দিনা পাঠকৰ পৰা অভিনয় গুণ পাইছে ৰত্না পাঠক আৰু ভগ্নী সুপ্ৰিয়া পাঠকে।

    বলীউড জগতৰ বিশেষ দম্পতি, যিয়ে যোগ্যতাৰ ভিত্তিত পাব লাগিছিল অধিক সন্মান তথা জনপ্ৰিয়তা

    অশ্বীনি কালশেকৰ-মুৰলী শৰ্মা
    গতানুগতিক অভিনয় সকলোৰে বোধগম্য। পিছে ইতিবাচকৰ সমানে নেতিবাচক আৰু হাস্যৰসৰ অভিনয় সমানে কৰাৰ দক্ষতা ৰখা এইহাল স্বামী-স্ত্ৰীৰ অভিনয় সচাকৈ প্ৰসংশাৰ যোগ্য।

    বলীউড জগতৰ বিশেষ দম্পতি, যিয়ে যোগ্যতাৰ ভিত্তিত পাব লাগিছিল অধিক সন্মান তথা জনপ্ৰিয়তা

    আৰ বল্কি-গৌৰী সিন্দে
    বলীউডৰ এহাল অন্যতম শক্তিশালী দম্পতি। কেমেৰাৰ পিছত থাকি অভিনেতা অভিনেত্ৰীক জনপ্ৰিয় কৰা এইহাৰ পৰিচালক দম্পতিৰ গুণৰ পৰিসীমা বহুত ডাঙৰ। দুয়ো দুয়োৰে নিজা নিজা কামেৰে অনুৰাগীক ভাল ভাল ছবি উপহাৰ দিছে।

    বলীউড জগতৰ বিশেষ দম্পতি, যিয়ে যোগ্যতাৰ ভিত্তিত পাব লাগিছিল অধিক সন্মান তথা জনপ্ৰিয়তা

    বিধু বিনোদ চোপ্ৰা-অনুপমা চোপ্ৰা
    এগৰাকীয়ে নিজৰ দক্ষতা দেখুৱাইছে ছবিজগতত ছবি পৰিচালনাৰে । আনগৰাকী দেশৰ অন্যতম সাংবাদিক তথা লেখত ।

    বলীউড জগতৰ বিশেষ দম্পতি, যিয়ে যোগ্যতাৰ ভিত্তিত পাব লাগিছিল অধিক সন্মান তথা জনপ্ৰিয়তা

    মনোজ পাৱা-সীমা পাৱা
    ধাৰাবাহিকৰ পৰা আহি বলীউডত নাম কৰা এইহাল দম্পতিয়ে নিজৰ গুণৰ বলত আজি এইখিনি পাইছেহি। অভিনয় জীৱন ধাৰাবাহিকৰ পৰা আৰম্ভ কৰি অভিনয় দক্ষতাৰ ওপৰত বলীউডতো সমানে সফল হৈছে। বহু কেইখন ছবিত নিজৰ নিজৰ অভিনয়ৰ দক্ষকা দেখুৱাইছে দুয়ো স্বামী-স্ত্ৰীয়ে।

    বলীউড জগতৰ বিশেষ দম্পতি, যিয়ে যোগ্যতাৰ ভিত্তিত পাব লাগিছিল অধিক সন্মান তথা জনপ্ৰিয়তা

    আৰু পঢ়ক : মা কামাখ্যাৰ আশীষ ল’লে অমিত শ্বাহে, ক’ভিডত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ আৰ্থিক সাহায্য

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং