28 C
Guwahati
Thursday, September 16, 2021
More

    চলিত মাহৰ পৰা আৰম্ভ হ’ব দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান : ৰণোজ পেগু

    চলিত মাহৰ শেষৰ ফালৰ পৰা দশম আৰু একাদশ বৰ্ষৰ পাঠদান কাৰ্যসূচী আৰম্ভ হ’ব। মঙলবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে এই কথা জানিবলৈ দিয়ে।

    অৱশ্যে হোষ্টেল সমূহ পৰৱৰ্তীন নিৰ্দেশ নিদিয়া পৰ্যন্ত নোখোলে বুলিও জানিব দিয়ে পেগুৱে।

    ‘পাঠদান সমূহ আৰু অনলাইন নহ’ব। এতিয়া আমাৰ শ্ৰেণী সমূহ লাহে লাহে খুলিব। বুধ-বৃহস্পতিবাৰৰ ভিতৰত কেতবোৰ ভাল খবৰ লাভ কৰিব। পৰৱৰ্তী কেবিনেটে এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব’, ৰণোজ পেগুৱে কয়।

    উল্লেখ্য যে চলিত মাহৰ ৬ ছেপ্তেম্বৰৰ পৰা ক’ভিড বিধি মানি ৰাজ্যত আৰম্ভ হৈছে স্নাতকোত্তৰ, স্নাতক, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠদান।

    উল্লেখ্য যে ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পিছৰে পৰা দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা বিদ্যালয়ত সকলো শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ বাবে বিভিন্ন মহলে দাবী কৰি আহিছিল।

    এইধৰণৰ দাবীৰ মাজতে আজি শিক্ষামন্ত্ৰীগৰাকীয়ে কৰা ইতিবাচক মন্তব্য নিশ্চয়কৈ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ বাবে আশাৰ বাতৰি।

    কিন্তু পৰৱৰ্তী কেবিনেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।

    আৰু পঢ়ক : ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ খেলুৱৈয়ে নিজৰ পিষ্টলেৰেই গুলিয়াই আত্মহত্যা কৰে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং