তেলেংগনাত চিনেমাৰ দৰে কাহিনী ! ১০০ জনীয়া যুৱকৰ দলে ঘৰৰ পৰা উঠাই নিলে যুৱতীক

0
188

তেলেংগনাত চিনেমাৰ দৰে কাহিনী ! ১০০ জনীয়া যুৱকৰ দলে ঘৰৰ পৰা উঠাই নিলে যুৱতীক

তেলেংগানাৰ ৰঙা ৰেড্ডী জিলাত এটা আচৰিত ঘটনা সংঘটিত হৈছে। ১০০ তকৈও অধিক লোকে এটা ঘৰত প্ৰৱেশ কৰি এগৰাকী যুৱতীক অপহৰণ কৰিছিল। ঘটনাটো ৰঙা ৰেড্ডী জিলাৰ আদিভাটলা অঞ্চলত সংঘটিত হৈছে।

কেৱল এয়াই নহয় তেওঁলোকে যুৱতী গৰাকী ঘৰৰ বস্তু লণ্ড-ভণ্ড কৰাৰ লগতে গাড়ীখনো ভাঙি চুৰমাৰ কৰি দিয়ে। যুৱতী গৰাকীৰ পিতৃয়ে যেতিয়া তেওঁ প্ৰতিবাদ কৰিছিল তেতিয়া তেওঁকো লাঠিৰে প্ৰহাৰ কৰা হৈছিল।

ভুক্তভোগীৰ পৰিয়ালটোয়ে জানিবলৈ দিয়া মতে দিন দুপৰতে প্ৰায় ১০০ জন মান লোকে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকৰ ২৪ বছৰীয়া কন্যা বৈশালীক বলপূৰ্বক উঠাই লৈ গৈছিল।

ভুক্তভোগী পৰিয়ালটোয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক এটা গোচৰ ৰুজু কৰিছে।আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে যুৱতী গৰাকীৰ সন্ধান উলিয়াব পৰা নাই।