30 C
Guwahati
Monday, September 20, 2021
More

    শক্তি মন্ত্ৰীৰ আহ্বানৰ পিছতে ১০০ শতাংশ লোকৰে বিদ্যুৎ বিল আদায় এই খন জিলাৰ

    শক্তি মন্ত্ৰীৰ আহ্বানৰ পিছতে ১০০ শতাংশ লোকৰে বিদ্যুৎ বিল আদায় এই খন জিলাৰ

    শক্তি মন্ত্ৰীৰ আহ্বানৰ পিছতে ১০০ শতাংশ লোকৰে বিদ্যুৎ বিল আদায় এই খন জিলাৰ। বৰপেটাৰোডত ১০০ শতাংশ লোকৰে বিদ্যুৎ বিল আদায়। শক্তি মন্ত্ৰী বিমন বৰাৰ নিৰ্দেশনাৰ প্ৰতি ব্যাপক সঁহাৰি ৰাইজৰ।

    নামনি অসমৰ বাণিজ্যপ্ৰধান চহৰ বৰপেটাৰোডত যোৱা জুন মাহত ১০০ শতাংশ লোকেৰে পৰা বিদ্যুত বিল আদায় হৈছে। উল্লেখ্য যে শক্তি মন্ত্ৰী বিমল বৰাই ৰাজ্যৰ শোচনীয় বিদ্যুত যোগান উন্নত কৰাৰ বাবে লৈছে বহুত নতুন নতুন বিশেষ পদক্ষেপ ৷ তাৰ ভিতৰত অন্যতম হৈছে বিদ্যুতৰ বিল সংগ্ৰহ তীব্ৰতৰ কৰা ৷

    মন্ত্ৰী এই সম্পৰ্কত দিয়া নিৰ্দেশনাত কোৱা হৈছে যে সময়মতে বিল আদায় নিদিলে বিদ্যুত সংযোগ কৰ্তন কৰা হব ৷ আৰু যিসকল কৰ্মচাৰীয়ে বিদ্যুতৰ বিল আদায় নিদিয়ে তেওঁলোকৰ দৰমহা বন্ধ কৰি দিয়া হব ।

    এই নিৰ্দেশনা পোৱাৰ পিছতে বৰপেটাৰোডত বিভিন্ন প্ৰান্তৰ গ্ৰাহকৰ মাজত প্ৰভাৱ পৰিছে। বৰপেটাৰোড বিদ্যুত বিভাগৰ কাৰ্য্যালয়ত গ্ৰাহক সকলে বিদ্যুতৰ বিল আদায় দিয়াৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰাৰ লগতে বিদ্যুত যোগান যাতে নিয়মীয়া হয় তাৰ ওপৰত বিভাগৰ পদক্ষেপ লবলৈ আহ্বান জনাইছে ৷

    বৰপেটাৰোড বৈদ্যুতিক উপ-সংমণ্ডল উপ-প্ৰবন্দক নাৰায়ণ দাসে জানিব দিয়া মতে এই নিৰ্দেশনা দিয়াৰ পিছত বিদ্যুত বিল সংগ্ৰহ যথেষ্ট বৃদ্ধি পাইছে ৷

    যোৱা জুন মাহত এশ শতাংশই বিল সংগ্ৰহ হৈছে গ্ৰাহকসকলৰ পৰা ৷ সেইমৰ্মে ৪.৩৭ কোটি টকা সংগ্ৰহ হৈছে জুন মাহত। তাৰপূৰ্বে মে’ মাহত হৈছিল ৩.৭৮ কোটি টকা ৷ বিদ্যুতৰ বিল এশ শতাংশই সংগ্ৰহ হোৱাৰ পিছত বিদ্যুত যোগানো এশ শতাংশই হবনে সেয়াহে পিছে পৰৱৰ্তী সময়ত লক্ষণীয় হব ৷

    Input and Photo- Ganesh Ch Saha

    আৰু পঢ়ক : কিয় মাস্ক পৰিধান কৰা নাই বুলি প্ৰশ্ন কৰাই হ’ল অপৰাধ, টীয়কত যুৱকক প্ৰহাৰ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং