বৰপেটাত এদিনতে জব্দ শ শ বাহন, লকডাউন অমান্য ৰাইজৰ

বৰপেটাৰ প্ৰায়বোৰ অঞ্চলতেই বেৰিকেড উচ্ছেদ প্ৰশাসনৰ

0
64

লকডাউনকলৈ অধিক কঠোৰ হৈ পৰিছে বৰপেটা জিলা প্ৰশাসন। একেটা দিনাই শ শ যান-বাহন জব্দ কৰিছে বৰপেটা প্ৰশাসনে। নিয়ম ভংগ কৰি ওলাই অহা যান বাহন জব্দ কৰে আৰক্ষীয়ে।

বিভিন্ন গাঁৱত দিয়া অবৈধ বেৰিকেড উচ্ছেদ কৰিছে আৰক্ষীয়ে। পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে ঠায়ে ঠায়ে চলাইছে অভিযান। বৰপেটাৰ প্ৰায়বোৰ অঞ্চলতেই বেৰিকেড উচ্ছেদ কৰিছে প্ৰশাসনে।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে, বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে কালি জব্দ কৰে ১১ খনকৈ মটৰ চাইকেল। আনহাতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ এই তৎপৰতা।

Photo Credit: Maidul Islam