১০ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা! ১৭ বছৰীয়া কিশোৰক গ্ৰেপ্তাৰ

0
1248
বনকৰা যুৱতীক কলকাতালৈ নি ধৰ্ষণ; পিছত টকাৰ বিনিময়ত তিনিদিনৰ বাবে বিক্ৰী, ঘটনাক লৈ চাঞ্চল্য
প্ৰতিনিধিত্বমূলক চিত্ৰ

১০ বছৰীয়া এগৰাকী নাবালিকাক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা ঘটনাত চত্তীশগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ১৭ বছৰীয়া কিশোৰক। ৰাজ্যখনৰ বেমেটাৰা জিলাত এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি মঙলবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে।

২৬ নৱেম্বৰ অৰ্থাত শনিবাৰে কোটালি আৰক্ষী থানাৰ অন্তৰ্গত কোটোৱালি চহৰত সংঘটিত এই জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ পিছত সোমবাৰে অভিযুক্ত কিশোৰজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে, ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ পৰা ৯০ কিলোমিটাৰ নিলগত অৱস্থিত বেমেটাৰা। শনিবাৰে ৰহস্যজনকভাৱে নিজৰ ঘৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় ছোৱালীজনীৰ মৃতদেহ।

প্ৰাথমিক তদন্তত ছোৱালীজনীক যৌন নিৰ্যাতন আৰু ডিঙি চেপি হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে।

আৰক্ষীয়ে স্থানীয় লোকৰ সৈতে সোধা পোচা কৰাৰ অন্তত অভিযুক্তজনক আটক কৰে।

অভিযুক্ত কিশোৰজন অশ্লীল ভিডিঅ’ আৰু পৰ্ণ চোৱাৰ প্ৰতি আসক্ত আছিল আৰু ইয়াৰ প্ৰভাৱতে ভুক্তভোগীৰ ঘৰত প্ৰৱেশ কৰি যৌন নিৰ্যাতন চলোৱাৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষীৰ আগত জনায়।

ইফালে, ছোৱালীজনীয়ে এই সমগ্ৰ ঘটনা তেওঁৰ পৰিয়ালৰ আগত জনাব বিচৰাত কিশোৰজনে এখন স্কাৰ্ফেৰে ডিঙিত চেপি ধৰি ওলমাই থৈ ঘৰৰ পৰা পলায়ন কৰে।

কিশোৰজনৰ বিৰুদ্ধে পকছো আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা বুলি আৰক্ষীয়ে জানিব দিয়ে। অভিযুক্ত কিশোৰজনক স্থানীয় আদালতত হাজিৰ কৰোৱাৰ অন্তত তেওঁক দুৰ্গ জিলাস্থিত জুভেনাইল হোমলৈ প্ৰেৰণ কৰা হয়।