আই চি য়ুত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ গৰাকীলৈ বৃদ্ধি

0
314
আই চি য়ুত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০

আই চি য়ুত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ গৰাকীলৈ বৃদ্ধি

মহাৰাষ্ট্ৰৰ আহমদনগৰৰ এখন চিকিৎসালয়ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত অতিকমেও ১০ গৰাকী লোকৰ মৃত্যু হয়।

আহমদ নগৰৰ জিলা উপায়ুক্ত ৰাজেন্দ্ৰ ভোছলে প্ৰকাশ কৰা মতে, চিকিৎসালয় খনৰ আই চি য়ু ৱাৰ্ডত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় যাৰ ফলত চিকিৎসাধীন হৈ থকা লোক সকলৰ কৰুণ মৃত্যু হয়।

চিকিৎসালয়খনৰ আই চি য়ুৰ পৰা অন্য ৱাৰ্ড সমূহলৈ বিয়পি পৰিব ধৰা অগ্নি নিৰ্বাপনৰ বাবে চিকিৎসালয় খনত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে।

বৰ্তমানলৈ অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নায়।

ইপিনে, চিকিৎসালয়খনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ পাছতে মহাৰাষ্ট্ৰ চৰকাৰে সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে, ক’ভিড সংক্ৰমণৰ সময়তো মহাৰাষ্ট্ৰৰ এখন চিকিৎসালয়ত অগ্নিকাণ্ড সংঘটিত হৈ বহু লোকৰ মৃত্যু হৈছিল।

আৰু পঢ়ক : বিয়াৰ ১০ বছৰ পিছতো যৌতুকৰ বাবে পত্নীৰ ওপৰত স্বামীৰ অকথ্য নিৰ্যাতন, মুখ্যমন্ত্ৰীক সহায় ভিক্ষা