25.4 C
Guwahati
Thursday, August 4, 2022
More

    ভয়ংকৰ পথ দুৰ্ঘটনা; গংগা স্থান কৰি উভতি অহা ১০ জনৰ কৰুণ মৃত্যু, ৭ জন আহত

    উত্তৰ প্ৰদেশৰ পিলিভীত জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৭ জন লোক গুৰুতৰভাৱে আহত হৈছে। আহত দুজনৰ অৱস্থা সংকটজনক।

    ইতিমধ্যে দুৰ্ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

    তথ্য অনুসৰি পিলিভীতৰ গজৰউলা আৰক্ষী থানা এলেকাত তীব্ৰবেগী পিকআপ এখনে গছত খুন্দা মৰাৰ পিছত ঘাইপথত বাগৰি পৰাৰ ফলতে এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।

    আহত এজনৰ অৱস্থা সংকটজনক আৰু তেওঁক উন্নত চিকিৎসাৰ বাবে বৰেইলীলৈ প্ৰেৰণ কৰা হৈছে।

    ৰাতিপুৱা প্ৰায় চাৰি বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। কোৱা হৈছে যে বুধবাৰে সন্ধিয়া ৫ বজাত হৰিদ্বাৰৰ পৰা গংগাত গা ধুই গোলালৈ উভতি অহা ভক্তৰে ভৰা এখন টাটা এছ গাড়ীয়ে গছত খুন্দা মাৰে।

    আহতসকলে জনোৱা মতে, চালকজনৰ টোপনি অহাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।

    বাহনখনত থকা মুঠ ১৭ জন লোকৰ ৮ জনৰ থিতাতে আৰু চিকিৎসাধীন অৱস্থাত দুজন লোকৰ মৃত্যু হয়।

    দুৰ্ঘটনাত আহত ৭ জনৰ এজন সংকটজনক অৱস্থাত বৰেইলীত চিকিৎসা গ্ৰহণ কৰি থকাৰ বিপৰীতে পিলিভীতৰ জিলা চিকিৎসালয়ত বাকী ৬ জন চিকিৎসাধীন হৈ আছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং