ডিব্ৰুগড়ত এজনক গুলীয়াই হত্যা অচিনাক্ত দুৰ্বৃত্তৰ

ঘটনাৰ সময়ত ষ্ট্ৰীট লাইট বন্ধ আছিল বাবে আক্ৰমণকাৰীয়ে এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৷ আহত লোকজনক ততাতৈয়াকৈ কেইজনমান লোকে অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও অৱশেষত কৰুণ মৃত্যুক সাৱটে

0
1232
Photo: Time8

ডিব্ৰুগড় চহৰৰ মাজমজিয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা৷ ওমপ্ৰকাশ আগৰৱালা নামৰ এজন লোকক কোনো অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে৷

ঘটনা অনুসৰি মঙলবাৰে সন্ধিয়া প্ৰায় ৬.৪৫ বজাত ওমপ্ৰকাশ আগৰৱালা ঘৰলৈ গৈ থকা অৱস্থাত ডিব্ৰুগড়ৰ পল্টন বজাৰৰ সমীপৰ ঈদগাহ ময়দানত বাইকত অহা কেইজনমান যুৱকে তেওঁক আগচি ধৰি প্ৰথমে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আৰু পিছত আগৰৱালাক শূন্য দূৰত্বৰ পৰা গুলীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

ঘটনাৰ সময়ত ষ্ট্ৰীট লাইট বন্ধ আছিল বাবে আক্ৰমণকাৰীয়ে এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৷ আহত লোকজনক ততাতৈয়াকৈ কেইজনমান লোকে অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও অৱশেষত কৰুণ মৃত্যুক সাৱটে।

উল্লেখ্য যে আগৰৱালা ডিব্ৰুগড়ৰ কমলা মিলৰ কৰ্মচাৰী আৰু বেৰিয়া বিল্ডিঙৰ নিৱাসী আছিল ৷ হত্যাৰ প্ৰকৃত কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ ডিব্ৰুগড় আৰক্ষীৰ তদন্ত অব্যাহত ৷