নগাঁৱত উদ্ধাৰ লক্ষাধিক মূল্যৰ নকল টকা; গাড়ীসহ আটক জাকাৰুল ইছলাম

উদ্ধাৰ হোৱা নকল টকাখিনি জাকাৰুল ইছলাম খানে ত্ৰিপুৰাৰ কোনো লোকক বেচিব আনিছিল বুলি আৰক্ষীয়ে জানিব দিয়ে

0
34

ৰাজ্যত সক্ৰিয় হৈ উঠিছে জাল নোট ব্যৱসায়ী। কিছুদিনৰ পূৰ্বে নগাঁও জিলাৰ ৰূপহীৰ পৰা আৰক্ষীয়ে নকল টকা বনোৱা মেচিনসহ দুজন লোকক আটক কৰাৰ লগতে জব্দ কৰিছিল বহু পৰিমাণৰ নকল টকা। তাৰ পাছতো একাংশ ব্যৱসায়ীয়ে চলাই গৈছে নকল টকাৰ ৰমৰমীয়া বেহা।

মংগল বাৰে পুনৰ নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে এখন গাড়ীত অভিযান চলাই লক্ষাধিক মূল্যৰ নকল টকা উদ্ধাৰ কৰে আৰু জাকাৰুল ইছলাম খান নামৰ লোকজনক আটক কৰে।

উদ্ধাৰ হোৱা নকল টকাখিনি জাকাৰুল ইছলাম খানে ত্ৰিপুৰাৰ কোনো লোকক বেচিব আনিছিল বুলি আৰক্ষীয়ে জানিব দিয়ে। ধৃত জাকাৰুল ইছলাম খানৰ ঘৰ লখিমপুৰ জিলাৰ লালুকত বুলি জানিব পৰা গৈছে। অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Input & Photo: Biju Gohain