27 C
Guwahati
Friday, August 5, 2022
More

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই। এই লিখনিৰে ভাড়াঘৰ সম্পৰ্কত মোৰ ব্যক্তিগত অভিজ্ঞতা তুলি ধৰিলো। গ্ৰাম্যাঞ্চলৰ পৰা কৰ্মসূত্ৰে মহানগৰীত আহি যেতিয়া ভাড়াঘৰত থাকো তেতিয়াই সন্মুখীন হলো কেইবাটাও গভীৰ সমস্যাত। প্ৰথমতে আহো ভাড়াঘৰৰ মালিকৰ কথাৰে। এমাহ বা দুমাহৰ ভিতৰত আপোনাৰ সৈতে সুসম্পৰ্ক থাকিব মালিকৰ সৈতে। তাৰ পিছত লাহে লাহে আহিব এটাৰ পিছত আনটো সমস্যা। সমস্যাৰ কথা কলে প্ৰথমতে আহে পানী। এয়া এক নিত্যান্তই সঁচা কথা। যেতিয়া আপুনি নিজৰ কৰ্মসংস্থানলৈ যোৱাৰ বাবে সাজু হৈ তেতিয়াই ঘটে বিজুতি। নলৰ পৰা এটোপাল পানী নসৰে সেই সময়ত। কলিং বজাই মালিকক এই বিষয়ে অৱগত কৰিলে এটাই উত্তৰ ভাঁহি আহে। সেয়াই হৈছে পানী কমকৈ খৰছ কৰিব বা কৰিবা। এজন মানুহে কেতিয়াও পানী অপচয় নকৰে। কাৰণ পানীৰ মূল্য জানো। কিন্তু হয়তো মালিকপক্ষৰ মন মগজুত থকা অথবা উদয় হোৱা বুদ্ধিৰে ভাড়াতীয়াক হাৰাশাস্তি কৰাৰ এক নতুন প্ৰক্ৰিয়া জন্ম লাভ কৰে। কথাটো হল সামান্য পৰিমাণৰ পানীখিনিও যদি মালিকপক্ষই যোগান ধৰিব নোৱাৰে তেন্তে ভাড়াঘৰটো লোৱাৰ উদ্দেশ্যই বা কি ?এই কথা হয়তো ভাড়াঘৰত থকা আৱাসীসকলে বাৰুকৈয়ে বুজি পাব। দ্বিতীয়তে আহোঁ স্বাধীনতাৰ ক্ষেত্ৰত। কথাতে কয় বাক স্বাধীনতা..কোৱা স্বাধীনতা এয়া সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য। কিন্তু থকা-মেলাৰ ক্ষেত্ৰত স্বাধীনতা খণ্ডিত কৰা এচাম মালিকৰ কাণ্ডই সঁচাকৈয়ে ক্ৰিয়াৰ সৃষ্টি কৰে। ইমান সময়ত নাহিব…এই সময়ত ঘৰত নোসোমাবা…গেট বন্ধ কৰি দিয়া হব..এনেবোৰ নিয়মৰ মোৰ মতে অনিয়মৰ ভাবুকিয়ে হয়তো মোৰ দৰে আপোনাকো ভীতিগ্ৰস্ত কৰি তুলিব পাৰে। সময় সকলোৱে মানি চলে..কিন্তু মহানগৰৰ বিভিন্ন প্ৰতিষ্ঠান-উদ্যোগত কাম কৰাৰ অভিজ্ঞতা হয়তো সকলোৰে আছে। কেতিয়াবা নৈশ সময়, কেতিয়াবা দুপৰীয়া আৰু কেতিয়াবা অতি পুৱাই পৰা চিফটিং ডিউটিৰ সময়খিনি এতিয়া মালিকক কিদৰে বুজাও। প্ৰসংগক্ৰমে মহানগৰত নিজৰ মাটি-ভেটি ক্ৰয় কৰি ভাড়া দিয়া মালিকপক্ষই মহানগৰৰ প্ৰতিষ্ঠানৰ কথা যদি নাজানে সেইয়া দুৰ্ভাগ্যজনক। ভাড়াঘৰৰ ক্ষেত্ৰত পূৰ্বতে বহু আইন প্ৰণয়নৰ প্ৰস্তাৱ হৈছে। কিন্তু সেয়া কিমান কাৰ্যকৰী হল সেইয়াহে নেদেখিলো। হাৰাশাস্তিৰ এটা সীমা থকা উচিত। শিক্ষাগত অৰ্হতা মালিকৰ থাকক বা নাথকক কিন্তু ধনৰ বিনিময়ত থকা ভাড়াতীয়াই মালিকৰ পৰা শুনিবলগীয়া তীৰ্যক কথাবোৰে বৰকৈয়ে দুখ দিয়ে। এই ক্ষেত্ৰত মাত মাতিব গলে হয়তো কব ঘৰটো অহা মাহত খালী কৰি দিবা। মালিকৰ আত্ম অহং স্বভাৱ (এশ শতাংশৰ ভিতৰত ৯০ শতাংশৰ কথা উল্লেখ কৰিছোঁ) আৰু মাটি ভেটি থকাৰ অহংকাৰত হয়তো বীৰদৰ্পে এই কথা উল্লেখ কৰে ভাড়াতীয়াৰ ওপৰত। কিন্তু মালিকপক্ষৰ মানসিকতাৰ অৱনতি ঘটাতকৈ মানসিকভাবে সবল হৈ যদি নিজৰ নিচিনাকৈ ভাড়াতীয়াক জ্ঞান কৰে তেনেহলে এনেবোৰ সমস্যা কেতিয়াও সৃষ্টি নহয় বুলি মই নিশ্চিত। আন এটা প্ৰসংগলৈ আহো ভাড়াতীয়া ভাড়াঘৰত প্ৰৱেশ কৰাৰ লগে যিটো প্ৰকাৰে সুবিধা পাব লাগে সেয়াও নিম্নমানৰ। ভাল মোটা ধনৰ বিনিময়ত যিটো ঘৰ দিয়া হয় সেয়া সেই ধনৰ তুলনাত যথেষ্ঠ অনুপযোগী। কিন্তু সমস্যা আৰু অসুবিধাৰ বাবে সেই ঘৰটোকে বহু টকা দি হলেও থাকিবলৈ লোকজন বাধ্য হৈ পৰে..মহানগৰীত থকাৰ সুযোগ গ্ৰহণ কৰি ভাড়াতীয়াক নীতিবৰ্হিভূতভাবে দাম বঢ়াই (ঘৰটোৰ ভাড়া) একপ্ৰকাৰ লুণ্ঠন চলাইছে এচাম মালিকে। আনহাতে বছৰ ভৰাৰ লগে লগেই নিয়ম অনুসৰি কিবা এটা শতাংশ বৃদ্ধি কৰাটো উচিত। কিন্তু জধে মধে অৰ্ধ শতাংশতকৈও বৃদ্ধি কৰি একপ্ৰকাৰ হিটলাৰী নিয়ম পালন কৰে মালিকপক্ষই। এই ক্ষেত্ৰত চৰকাৰৰ বহু কৰণীয় আছে। কিয়নো মহানগৰত মহানগৰবাসী যিমান আছে তাতকৈও হয়তো ভাড়াতীয়া বেছি আছে। সমস্যা সমূহ সময়ৰ অভাৱত প্ৰচাৰ বা প্ৰকাশ নহয়, কিন্তু এনে কৰাটো উচিত নহয়। চৰকাৰে এই ক্ষেত্ৰত এক কঠোৰ নিয়ম আইনলৈ পৰিণত কৰি ভাড়াতীয়াসকলক সুৰক্ষিত কৰা সিদ্ধান্তগ্ৰহণ কৰিব লাগে। এই লিখনিত এনে মালিকৰ কথাহে উল্লেখ কৰা হৈছে যি মালিকপক্ষই অনাহকতে ভাড়াতীয়াক হাৰাশাস্তি কৰি আহিছে। শুদ্ধ জ্ঞান, বিবেচনা আৰু মৰমিয়াল স্বভাৱেৰে পৰিয়ালৰ দৰে ভাড়াতীয়াক জ্ঞান কৰি হয়তো মহানগৰৰ আৱাসীক এলেকাসমূহৰ থকাৰ পৰিৱেশো শুদ্ধ হব বুলি ধাৰণা। এখন শুদ্ধ সমাজ গঢ় দিয়াত ভাড়াতীয়াসকলৰো যথেষ্ঠ অৰিহণা আছে। তাৰ বহু উদাহৰণ আছে। কিন্তু অবিবেচক-জ্ঞানৰ অভাৱ থকা মালিকপক্ষক নাকি লগাব লাগিলে প্ৰয়োজন হব চৰকাৰৰ কঠোৰ সিদ্ধান্ত। যাতে পৰৱৰ্তী সময়লৈ মালিক আৰু ভাড়াতীয়াৰ মাজত যাতে সংঘাতৰ সৃষ্টি নহয়। ভদ্ৰলোকে হয়তো ঘৰ এৰি শুদ্ধ পৰিৱেশৰ বাবে বিচাৰিব আন এটা ঘৰ। কিন্তু ঘৰ এটাৰ পৰা আন এটা ঘৰলৈ গলে ধনৰ লগতে সময়ৰো প্ৰয়োজন হয়। এনে ক্ষেত্ৰত এক শীতল মস্তিষ্কৰে ভাড়াতীয়াক একপ্ৰকাৰ হাৰাশাস্তি অথবা শাস্তি দিয়ে এইচাম ঘৰৰ স্বত্তাধিকাৰীয়ে। চৰকাৰলৈ আহ্বান এখন কঠোৰ আৰু শুদ্ধ আইন প্ৰণয়ন কৰি নাকি লগাওক এইচাম মালিকপক্ষক। তেতিয়াহে সুৰক্ষিত হব মহানগৰৰ ভাড়াতীয়াসকল।

    নলৰ পৰা এটোপাল পানী নসৰে সেই সময়ত। কলিং বজাই মালিকক এই বিষয়ে অৱগত কৰিলে এটাই উত্তৰ ভাঁহি আহে। সেয়াই হৈছে পানী কমকৈ খৰছ কৰিব বা কৰিবা। এজন মানুহে কেতিয়াও পানী অপচয় নকৰে। কাৰণ পানীৰ মূল্য জানো। কিন্তু হয়তো মালিকপক্ষৰ মন মগজুত থকা অথবা উদয় হোৱা বুদ্ধিৰে ভাড়াতীয়াক হাৰাশাস্তি কৰাৰ এক নতুন প্ৰক্ৰিয়া জন্ম লাভ কৰে। কথাটো হল সামান্য পৰিমাণৰ পানীখিনিও যদি মালিকপক্ষই যোগান ধৰিব নোৱাৰে তেন্তে ভাড়াঘৰটো লোৱাৰ উদ্দেশ্যই বা কি ?এই কথা হয়তো ভাড়াঘৰত থকা আৱাসীসকলে বাৰুকৈয়ে বুজি পাব। দ্বিতীয়তে আহোঁ স্বাধীনতাৰ ক্ষেত্ৰত। কথাতে কয় বাক স্বাধীনতা..কোৱা স্বাধীনতা এয়া সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য। কিন্তু থকা-মেলাৰ ক্ষেত্ৰত স্বাধীনতা খণ্ডিত কৰা এচাম মালিকৰ কাণ্ডই সঁচাকৈয়ে ক্ৰিয়াৰ সৃষ্টি কৰে। ইমান সময়ত নাহিব…এই সময়ত ঘৰত নোসোমাবা…গেট বন্ধ কৰি দিয়া হব..এনেবোৰ নিয়মৰ মোৰ মতে অনিয়মৰ ভাবুকিয়ে হয়তো মোৰ দৰে আপোনাকো ভীতিগ্ৰস্ত কৰি তুলিব পাৰে। সময় সকলোৱে মানি চলে..কিন্তু মহানগৰৰ বিভিন্ন প্ৰতিষ্ঠান-উদ্যোগত কাম কৰাৰ অভিজ্ঞতা হয়তো সকলোৰে আছে। কেতিয়াবা নৈশ সময়, কেতিয়াবা দুপৰীয়া আৰু কেতিয়াবা অতি পুৱাই পৰা চিফটিং ডিউটিৰ সময়খিনি এতিয়া মালিকক কিদৰে বুজাও। প্ৰসংগক্ৰমে মহানগৰত নিজৰ মাটি-ভেটি ক্ৰয় কৰি ভাড়া দিয়া মালিকপক্ষই মহানগৰৰ প্ৰতিষ্ঠানৰ কথা যদি নাজানে সেইয়া দুৰ্ভাগ্যজনক। ভাড়াঘৰৰ ক্ষেত্ৰত পূৰ্বতে বহু আইন প্ৰণয়নৰ প্ৰস্তাৱ হৈছে। কিন্তু সেয়া কিমান কাৰ্যকৰী হল সেইয়াহে নেদেখিলো। হাৰাশাস্তিৰ এটা সীমা থকা উচিত। শিক্ষাগত অৰ্হতা মালিকৰ থাকক বা নাথকক কিন্তু ধনৰ বিনিময়ত থকা ভাড়াতীয়াই মালিকৰ পৰা শুনিবলগীয়া তীৰ্যক কথাবোৰে বৰকৈয়ে দুখ দিয়ে। এই ক্ষেত্ৰত মাত মাতিব গলে হয়তো কব ঘৰটো অহা মাহত খালী কৰি দিবা। মালিকৰ আত্ম অহং স্বভাৱ (এশ শতাংশৰ ভিতৰত ৯০ শতাংশৰ কথা উল্লেখ কৰিছোঁ) আৰু মাটি ভেটি থকাৰ অহংকাৰত হয়তো বীৰদৰ্পে এই কথা উল্লেখ কৰে ভাড়াতীয়াৰ ওপৰত। কিন্তু মালিকপক্ষৰ মানসিকতাৰ অৱনতি ঘটাতকৈ মানসিকভাবে সবল হৈ যদি নিজৰ নিচিনাকৈ ভাড়াতীয়াক জ্ঞান কৰে তেনেহলে এনেবোৰ সমস্যা কেতিয়াও সৃষ্টি নহয় বুলি মই নিশ্চিত। আন এটা প্ৰসংগলৈ আহো ভাড়াতীয়া ভাড়াঘৰত প্ৰৱেশ কৰাৰ লগে যিটো প্ৰকাৰে সুবিধা পাব লাগে সেয়াও নিম্নমানৰ। ভাল মোটা ধনৰ বিনিময়ত যিটো ঘৰ দিয়া হয় সেয়া সেই ধনৰ তুলনাত যথেষ্ঠ অনুপযোগী। কিন্তু সমস্যা আৰু অসুবিধাৰ বাবে সেই ঘৰটোকে বহু টকা দি হলেও থাকিবলৈ লোকজন বাধ্য হৈ পৰে..মহানগৰীত থকাৰ সুযোগ গ্ৰহণ কৰি ভাড়াতীয়াক নীতিবৰ্হিভূতভাবে দাম বঢ়াই (ঘৰটোৰ ভাড়া) একপ্ৰকাৰ লুণ্ঠন চলাইছে এচাম মালিকে। আনহাতে বছৰ ভৰাৰ লগে লগেই নিয়ম অনুসৰি কিবা এটা শতাংশ বৃদ্ধি কৰাটো উচিত। কিন্তু জধে মধে অৰ্ধ শতাংশতকৈও বৃদ্ধি কৰি একপ্ৰকাৰ হিটলাৰী নিয়ম পালন কৰে মালিকপক্ষই। এই ক্ষেত্ৰত চৰকাৰৰ বহু কৰণীয় আছে। কিয়নো মহানগৰত মহানগৰবাসী যিমান আছে তাতকৈও হয়তো ভাড়াতীয়া বেছি আছে। সমস্যা সমূহ সময়ৰ অভাৱত প্ৰচাৰ বা প্ৰকাশ নহয়, কিন্তু এনে কৰাটো উচিত নহয়। চৰকাৰে এই ক্ষেত্ৰত এক কঠোৰ নিয়ম আইনলৈ পৰিণত কৰি ভাড়াতীয়াসকলক সুৰক্ষিত কৰা সিদ্ধান্তগ্ৰহণ কৰিব লাগে। এই লিখনিত এনে মালিকৰ কথাহে উল্লেখ কৰা হৈছে যি মালিকপক্ষই অনাহকতে ভাড়াতীয়াক হাৰাশাস্তি কৰি আহিছে। শুদ্ধ জ্ঞান, বিবেচনা আৰু মৰমিয়াল স্বভাৱেৰে পৰিয়ালৰ দৰে ভাড়াতীয়াক জ্ঞান কৰি হয়তো মহানগৰৰ আৱাসীক এলেকাসমূহৰ থকাৰ পৰিৱেশো শুদ্ধ হব বুলি ধাৰণা। এখন শুদ্ধ সমাজ গঢ় দিয়াত ভাড়াতীয়াসকলৰো যথেষ্ঠ অৰিহণা আছে। তাৰ বহু উদাহৰণ আছে। কিন্তু অবিবেচক-জ্ঞানৰ অভাৱ থকা মালিকপক্ষক নাকি লগাব লাগিলে প্ৰয়োজন হব চৰকাৰৰ কঠোৰ সিদ্ধান্ত। যাতে পৰৱৰ্তী সময়লৈ মালিক আৰু ভাড়াতীয়াৰ মাজত যাতে সংঘাতৰ সৃষ্টি নহয়। ভদ্ৰলোকে হয়তো ঘৰ এৰি শুদ্ধ পৰিৱেশৰ বাবে বিচাৰিব আন এটা ঘৰ। কিন্তু ঘৰ এটাৰ পৰা আন এটা ঘৰলৈ গলে ধনৰ লগতে সময়ৰো প্ৰয়োজন হয়। এনে ক্ষেত্ৰত এক শীতল মস্তিষ্কৰে ভাড়াতীয়াক একপ্ৰকাৰ হাৰাশাস্তি অথবা শাস্তি দিয়ে এইচাম ঘৰৰ স্বত্তাধিকাৰীয়ে। চৰকাৰলৈ আহ্বান এখন কঠোৰ আৰু শুদ্ধ আইন প্ৰণয়ন কৰি নাকি লগাওক এইচাম মালিকপক্ষক। তেতিয়াহে সুৰক্ষিত হব মহানগৰৰ ভাড়াতীয়াসকল।

    Disclaimer: প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লিখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে।

    Published:

    6 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং