পৰিপক্ক জুবিন

0
1302

অসমৰ পটভূমিত যিসকল সাংস্কৃতিক কৰ্মীয়ে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছে সেই সকলৰ অধিকাংশই চলচ্চিত্ৰ মাধ্যম টোকে প্ৰথমতে আগস্থান দিয়া পৰিলক্ষিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও অংকীয়া নাটৰ জৰিয়তে অসমীয়া সমাজত নিজৰ স্বক্ৰিয় প্ৰতিভাৰ বিকাশ সাধন কৰিছিল। অংকীয়া নাটৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যৰ লগতে অসমৰ জাতীয় জীৱনৰ উৎকৰ্ষ সাধনৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। মহাপুৰুষ জনাৰ পদানাংক অনুসৰণ কৰিয়েই মহাপুৰুষ মাধৱদেৱেও গীত-নাটেৰে অসমৰ সাংস্কৃতিক ভঁৰাল চহকী কৰিছিল। ক্ৰম বিবৰ্তনৰ ধাৰাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাইও নাট ৰচনা, গীত ৰচনা কৰাৰ লগতে নিজৰ সাহিত্য চৰ্চা আৰম্ভ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। সমান্তৰাল ভাৱে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাইও অতি কম সময়ৰ ভিতৰতে গীত, নাট ৰচনা কৰি অসমীয়া সমাজলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়ালে ‌। চলচ্চিত্ৰ মাধ্যম নো কি সেয়া খাৰখোৱা অসমীয়াই ৰূপকোঁৱৰৰ সাধনাৰ ফচলৰ জৰিয়তেই পৰিচিত হল। প্ৰশ্ন আহিব পাৰে.. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চলচিত্ৰ মাধ্যমৰ লগত কি সম্পৰ্ক ? মহাপুৰুষ জনাই যদি সেই অংকীয়া নাট ৰচনা নকৰিলে হয় তেন্তে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাইও হয়তো অসমীয়া ছবি নিৰ্মাণ কৰাৰ মৰসাহস নকৰিলে হয়। জ্যোতি বিষ্ণুৰ উত্তৰসুৰী ৰূপে ড. ভূপেন হাজৰিকাইও নিজে গীত, কথা সুৰ ৰচনা কৰাৰ লগতে চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে চিনেমা উদ্যোগটোৰ বিকাশ সাধন কৰাৰ লগতে নিজকে অসমীয়া সমাজৰ অবিশ্চেদ্য অংগ ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। কলাগুৰু গৰাকীয়েও চলচিত্ৰয়েই হ‌ওঁক অথবা নাটকত অভিনয়ৰ জৰিয়তে এগৰাকী‌ মহান শিল্পী ৰূপে স্বীকৃতি লাভ কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, শেহতীয়ায়াকৈ ড. ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত প্ৰশ্ন উত্থাপন হৈছিল – সুধাকণ্ঠৰ উত্তৰাধিকাৰী কোন হ’ব ? বহুতেই জুবিন গাৰ্গক সেই আসনত বহুৱাব বিছাৰিছিল যদিও জুবিন গাৰ্গৰ নিজৰ খেয়ালি মনৰ বাবে ৰাইজৰ পৰা বহু আঁতৰি পৰিছিল। সুধাকণ্ঠৰ মৃত্যুৰ পাছত ক্ৰমশঃ জুবিন কিছু সলনি হোৱা পৰিলক্ষিত হৈছে। নিজকে হেৰুৱাওৱাৰ বিপৰীতে জুবিনে বহু বিতৰ্কৰ মাজেদিও আজি প্ৰতিষ্ঠিত গায়কৰ বিপৰীতে শিল্পীৰ শাৰীলৈ উন্নীত কৰিবলৈ সক্ষম হৈছে।
জুবিন জুবিনেই।
কেতিয়াও ভূপেন হাজৰিকা, জ্যোতি, বিষ্ণু হ’বলৈ যোৱা নাই। নিজৰ খেয়ালি মনৰ লগতে অসমৰ জলন্ত সমস্যাৰ সৈতে নিজকে জৰিত কৰি অসমীয়া সমাজৰ মাজত নিজকে বিলীন কৰি দিছে। বলিউডত নিজকে, সমৰ্পন কৰি ঐশ্বৰ্য বিভূতিৰ লগতে নামজ্বলা গায়ক হ’ব পাৰিলে হয়। কিন্তু অসম অসমীয়াৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে নিজকে অসমত নিয়োজিত কৰিলে। নিজকে আজি এক উদ্যোগত পৰিগণিত কৰিছে। সমালোচনা কৰিব পাৰে তথাপিও জুবিনে অহৰ্নিশে গীত ৰচনা, সুৰ, সংগীত, কম্পজিং – সেই সাধনা এৰি দিয়া নাই।
শেহতীয়াকৈ জুবিনৰ ‘ কাঞ্চনজংঘা ‘ই বহুতো কথা কৈ গল । হাৰি যাব নিবিচাৰে। Try try again must be success. জুবিনৰ ‘তুমি মোৰ মাথো মোৰ’, ‘মিছন চাইনা’ ৰ পাছতে ‘কাঞ্চনজংঘা’ । বহু কেইখন ছবিত জুবিনে ইতিমধ্যে অভিনয় কৰিলে । এগৰাকী অভিনেতা ৰূপে ‘দীনবন্ধু’ , ‘মন যায়’ আৰু ‘প্ৰিয়াৰ প্ৰিয়’ ত নিজৰ অভিনয় প্ৰতিভাৰ সুন্দৰ নিদৰ্শন ডাঙি ধৰিছিল। শেহতীয়া কৈ কাঞ্চনজংঘাই জুবিনক এক নতুন মাত্ৰা প্ৰদান কৰিব সেয়া ধুৰূপ।
অত্যন্ত জেদী ।
এতিয়া জুবিন পৰিপক্ক। মৰিবলৈ ধৰা অসমীয়া চিনেমা উদ্যোগলৈ বহু নিদৰ্শন দি যাব । ‘তুমি মোৰ মাথো মোৰ’ ৰ পৰা শেহতীয়া ‘কাঞ্চনজংঘা’ লৈকে নিৰবচ্ছিন্ন প্ৰচেষ্টা। ভাল চিনেমা বনালে দৰ্শকে চাব‌ই। অৱশ্যে প্ৰচাৰ, উপস্থাপন সকলো আঁচনি মতেই হ’ব লাগিব। প্ৰচাৰ কেনেকৈ কৰে সেয়া ছবি নিৰ্মাতা সকলে জুবিনৰ পৰা শিকক। লাজ পাবলগীয়া
একো নাই।

প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লিখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে। [email protected] এই ই-মেইলেৰে যোগাযোগ কৰিব পাৰিব লিখকক।

Photo credit:@ZUBEENsOFFICIAL