20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গুৱাহাটীৰ বাবে কি কৰিছো আমি?

    সিদিনাও এজন ভদ্ৰলোকে সুধিছিল- আপোনাৰ ঘৰ ক’ত? মানে তেওঁ জানিব খুজিছিল- গুৱাহাটীৰ ক’ত থাকো?

    মোৰ মুখেৰে উত্তৰটো ওলাল- চামগুৰি। নগাঁৱৰ চামগুৰি।

    তেওঁ আচৰিত হৈছিল। প্ৰশ্নটোৰ সংশোধন কৰি সুধিছিল- মানে আপুনি গুৱাহাটীৰ ক’ত থাকে?

    মোৰো কথাটো অখজা লাগিছিল। গুৱাহাটী মহানগৰীত থকা দুটা দশক হ’ল।

    এই মহানগৰখনে বহু দিছে। প্ৰাণখুলি দিছে। হৃদয় উজাৰি দিছে। গুৱাহাটীয়ে এটা পৰিচয় দিছে। আশ্ৰয় দিছে। সংস্থাপন দিছে। উপাৰ্জন দিছে।

    সকলোতকৈ ডাঙৰ কথা বহু ‘আপোন’ মানুহ পাইছো গুৱাহাটীত; যি জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। গৌৰৱ কৰিব পৰাকৈ এদল বন্ধু দিছে; যি আজি জীৱনৰ যাত্ৰা পথৰ অভিন্ন সহচৰ। বহু শুভাকাংখী পাইছো গুৱাহাটীত। বিপদে আপদে কাষত থিয় দিয়া অভিভাৱকো গুৱাহাটীতে পাইছো।

    তথাপিও মই গুৱাহাটীক আপোন বুলি ভাৱিব পৰা নাই নে কি? এতিয়াও গুৱাহাটীক নিজৰ নগৰ বুলি মনে নকয় নে কি? সকলোতকৈ ডাঙৰ কথা গুৱাহাটীক প্ৰতিদান কি দিছো?

    সম্ভৱত একোৱেই দিয়া নাই। সম্ভৱতঃ ময়েই একমাত্ৰ নহয়, মোৰ দৰে গাঁৱৰ পৰা অহা অজস্ৰ লোক আছে, যাৰ হৃদয়ত গুৱাহাটীয়ে এতিয়াও গাঁৱৰ সমাজখনৰ দৰে আপোনত্ব আৰ্জন কৰা নাই। বিহু-পূজাত এতিয়াও গাঁৱলৈ যাবলৈ মন যায়। সুযোগ পালেই ঢপলিয়াই যাঁৱো।

    ক’ৰবাত যেন খূট ৰৈ গৈছে।

    জীৱনৰ বেছিভাগ সময় নগাঁও আৰু গুৱাহাটী; এই দুখন চহৰত কটাইছো। দুয়োখন চহৰে যি মৰমেৰে আকোৱালি লৈ জীৱন গঢ়াৰ সুযোগ দিছে, আদৰি লৈছে, সমাজত স্থান দিছে; তাৰ প্ৰতিদান যেন নগন্য।

    এই কথাটো ভালেমান দিনৰ পৰা ভাবিয়েই আছিলো। হয়তো যিখন মহানগৰত জীৱনৰ শেষ সময়চোৱাও কটাব লাগিব, সেইখন গুৱাহাটীকো কিবা দিয়াৰ প্ৰয়োজন আছে।

    বুধবাৰে দিছপুৰৰ ঐতিহ্য মণ্ডিত শিক্ষানুষ্ঠান গোপাল বড়ো স্কুলত অনুষ্ঠিত গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ স্বচ্ছতা অভিযানৰ কাৰ্যসূচীত অংশ লৈ ভাবিছোঁ, যিখন চহৰত থাকো সেই চহৰখনৰ বাবেও কিবা এটা কৰাৰ দৰকাৰ। উৰণীয়া মৌৰ দৰে এই আশ্ৰয় ক্ষন্তেকীয়া নহয়। ই ভৱিষ্যতৰ পথত প্ৰশান্তিৰ নিলয়।

    ভাবিছোঁ। গুৱাহাটীৰ সুখ, দুঃখ, প্ৰাপ্তি-সংঘাতৰ সৈতে থিয় হোৱাৰ বাবে পলমেই হৈছে।

    Photo credit: en.wikipedia.org

    লেখক TIME8ৰ সম্পাদক পৰাগমণি আদিত্য | প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লিখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং